Illegal supply of Stones and Sand : চালান অবিহনে শিল-বালিৰ অবৈধ সৰবৰাহ
ধেমাজি, ৫অক্টোবৰ : ড্ৰাম্পাৰ-ট্ৰেক্টৰ মালিক আৰু বনকৰ্মীৰ মাজত হতাহতি। বনকৰ্মীকো কেৰেপ নকৰে একাংশ ড্ৰাম্পাৰ-ট্ৰেক্টৰৰ মালিকে। একাংশ ড্ৰাম্পাৰ-ট্ৰেক্টৰৰ মালিকে হতাহতিটো লিপ্ত কৰ্তব্যৰত বনকৰ্মী সৈতে। একাংশ ড্ৰাম্পাৰ-ট্ৰেক্টৰৰ মালিকে চলাই আছে চালানবিহীন ভাৱে শিল-বালিৰ সৰবৰাহ(Illegal supply of Stones and Sand)।
গোগামুখত চলিছে চালান বিহীন ডাম্পাৰৰ দৌৰাত্ম্য । অধিকাংশ ডাম্পাৰ আৰু ট্ৰেক্টৰৰ মালিকে চালানৰ অবিহনে শিল আৰু বালি সৰবৰাহ কৰা তথ্য পোহৰলৈ আহিছে।
উল্লেখ্য যে, চালানবিহীনভাৱে সোৱণশিৰি নদীৰ কুৱেৰীৰ পৰা শিল বালি কঢ়িওৱা ডাম্পাৰ ট্ৰেক্টৰ মালিকৰ অতপালি ৷ কৰ্তব্যৰত গোগামুখ বন কৰ্মীক চোঁচা একাংশ ডাম্পাৰ মালিকৰ । দৈনিক চালানবিহীন ভাৱে সোৱণশিৰি নদী দাঁতি কাষৰীয়া শিল -বালি কুৱেৰীৰ পৰা অবৈধ ভাৱে সৰবৰাহ কৰি আছে শ শ শিল বালি ভৰ্তি ট্ৰেক্টৰ ডাম্পাৰ(Illegal supply of Stones and Sand going on without Challans) ।
এই ঘটনাক লৈ চালান বিহীন বালি ডাম্পাৰৰ মালিক আৰু গোগামুখ বন কৰ্মীৰ মাজত প্ৰচণ্ড হতাহতিৰ সৃষ্টি হয় ।
গোগামুখ আৰক্ষী থানাৰ সন্মুখত সংঘটিত হৈছে এই ঘটনাৰ । বন কৰ্মীয়ে গোগামুখ আৰক্ষী থানাৰ সন্মুখত শিল বালি কঢ়িওৱা চালানবিহীন ট্ৰেক্টৰ ডাম্বাৰবোৰ পৰীক্ষা কৰি থাকোতে এই ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, বন কৰ্মীয়ে গোগামুখ আৰক্ষী থানাৰ সন্মুখত শিল বালি কঢ়িওৱা বাহন সমূহৰ পৰীক্ষাৰ সময়ত বন কৰ্মীয়ে বালি কঢ়িওৱা ডাম্পাৰৰ ড্ৰাইভাৰৰ পৰা চালান বিচাৰিছিল। কিন্তু ড্ৰাইভাৰে চালান দেখুৱাব নোৱাৰাৰ বাবে বন কৰ্মীয়ে গাড়ী ৰখাবলৈ বাধা প্ৰদান কৰে। তাকে লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ।
অৱশেষত গোগামুখ আৰক্ষীৰ সহযোগত চালানবিহীন বালি ভৰ্তি ডাম্পাৰ দুখন জব্দ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক :Sikkim flash floods : ছিকিমত বানৰ সংহাৰী ৰূপ; সেনা জোৱানসহ ১০২ জন সন্ধানহীন