Local, Vocal, Global

Illegal Saw Mills Raids : অবৈধ কাঠমিলৰ বিৰুদ্ধে তামুলপুৰত বন বিভাগৰ অভিযান

নিউজ ডেস্ক, ৯ এপ্ৰিল : ৰাজ্যত অব্যাহত আছে অবৈধ কামৰ ৰমৰমীয়া বেহা । দিনে-নিশাই ৰাজ্যত অব্যাহত অবৈধ বেহা(Raid Against Illegal Saw Mills) ।

তামুলপুৰত অবৈধ কাঠমিলৰ বেহা । অবৈধ কাঠমিলৰ বিৰুদ্ধে তামুলপুৰত বন বিভাগ অভিযান। বন বিভাগ অভিযানত জব্দ তিনিটাকৈ অবৈধ কাঠ ফলা মেছিন সহ বহু মূল্যবান কাঠ( Illegal Saw Mills Raids)।

তামুলপুৰত মঙলবাৰে বন বিভাগে অবৈধ কাঠফলা কলৰ বিৰুদ্ধে অভিযান চলায় ৷ এই অভিযানত কাউৰবাহাত জব্দ কৰে ৩ টা অবৈধ কাঠফলা কলসহ কৰত,জেনেৰেট।

ইয়াৰোপৰি উক্ত অভিযানৰ অংশস্বৰূপে কেইবা লক্ষাধিক টকাৰ মূল্যবান কাঠো জব্দ কৰে। আনহাতে বন বিভাগ আৰু আৰক্ষীৰ অভিযানৰ খবৰ পাই অবৈধ কাঠফলা মিলৰ মালিক তথা কৰ্তৃপক্ষ পলাই যাবলৈ সক্ষম হয়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজিৰ এই অভিযানটো তামুলপুৰ ৰেঞ্জৰ বন বিষয়া কামেশ্বৰ বড়োৰ নেতৃত্বত কাউৰবাহা আৰক্ষী চকীৰ বিষয়া প্ৰাঞ্জল বৰুৱা তথা কুমাৰীকাটা গান্ধীবাৰী কাউৰবাহা শিবিৰৰ বন বিভাগ বিষয়া কৰ্মচাৰীসকলৰ সহযোগত এই অভিযানটি সম্পন্ন কৰা হয়।

লগতে পঢ়ক : 44 crore cash and 288 crore worth of items have been seized : কৰ্ণাটকত জব্দ বৃহৎ পৰিমাণৰ নগদ ধনসহ ২৮৮ কোটি টকাৰ সামগ্ৰী