Local, Vocal, Global

Illegal Sand Mining : কাৰ চত্ৰছায়াত সোণাপুৰত চলিছে অবৈধ বালিৰ বেহা ? কিয় চকুত নপৰে বিভাগৰ ?

সোণাপুৰ,৪আগষ্ট : কাৰ চত্ৰছায়াত চলিছে অবৈধ শিল-বালিৰ বেহা ? কিয় চকুত নপৰে বিভাগৰ

অবাধ গতিত নৈৰ বুকুত চলিছে বালিৰ খনন । দিনে নিশাই ড্ৰেজাৰ মেচিন, ফক লেনেৰে নৈৰ বুকুৰ পৰা আহৰণ কৰিছে শিল, বালি । শিল বালিৰ মাফিয়াক যেন বাধা দিবলৈ নাই কোনো । বন বিভাগৰ নিষ্ক্ৰীয়তাক লৈ সন্দেহ স্থানীয় তথা সচেতন মহলত(Illegal Sand Mining ) ।

প্ৰশ্ন হয়, বন বিভাগৰ সৈতে গোপন মিতিৰালিৰে চলিছে নেকি বালিৰ অবৈধ খনন কাৰ্য ? কিয় বন বিভাগে এই বালিৰ বৃহৎ চিণ্ডিকেটৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ।

ৰাজ্যত অব্যাহত আছে শিল-বালিৰ বৃহৎ চিণ্ডিকেট । বন আইন উলংঘা কৰি চৰকাৰৰ লাখ-লাখ টকা ৰাজহ ফাঁকি দি অহৰ্নিশে চলাই গৈছে শিল-বালিৰ অবৈধ খনন কাৰ্য । নিৰ্বিকাৰ হৈ আছে বন বিভাগ ।

বিভাগীয় বিষয়াক মেনেজ কৰি এনেদৰে বছৰ-বছৰ ধৰি চিণ্ডিকেট চক্ৰই চলাই গৈছে নেকি ৰমৰমীয়া বেহা ।

সোণাপুৰত চলিছে অবৈধ বালিৰ ৰমৰমীয়া বেহা।সোণাপুৰৰ কলংপাৰ -হঁহৰা চামতা পথেৰে দৈনিক অভাৰ লোডৰ বালিৰ ট্ৰাক, ডাম্পাৰে চলাইছে সন্ত্ৰাস  । ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ একাংশ লোকে চলাই আছে অবৈধ বালিৰ ৰমৰমীয়া বেহা ।

কিন্তু কাৰ নেতৃত্বত সোণাপুৰত দিনে নিশাই চলিছে এনেদৰে বালিৰ  বেহী ।ক’ত গ’ল প্ৰশাসন, ক’ত গ’ল বন বিভাগ।

এই অভাৰ লোডৰ বালিৰ ট্ৰাকে ধ্বংস কৰিব চামতা কলংপাৰ সংযোগী লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথটো । পৰৱৰ্তী প্ৰতিবেদনত সবিস্তাৰে ফাদিল কৰিম সকলো ।

লগতে পঢ়ক :Buffalo syndicate in Assam: কাটিগৰা সীমান্তত জব্দ চোৰাং ম’হ