Local, Vocal, Global

Illegal Liquor seized in Merapani : মেৰাপানীৰত জব্দ অবৈধ সুৰাভৰ্তি ট্ৰাক

নিউজ ডেস্ক,২২জুন : ৰাজ্যত অব্যাহত আছে অবৈধ বিলাতী সুৰাৰ সৰবৰাহ। আৰক্ষী আৰু আবকাৰী বিভাগৰ চকুত ধুলি দি নিতৌ এটা বিয়াগোম চক্ৰই দৈনিক নাগালেণ্ডলৈ ট্ৰাকে ট্ৰাকে অবৈধ বিলাতী সুৰা প্ৰেৰণ কৰি আহিছে(Illegal Liquor seized in Merapani)।

শনিবাৰে মেৰাপানীৰ মজগুৰিত জব্দ অবৈধ সুৰাভৰ্তি এখন ট্ৰাক । গুৱাহাটীৰ পৰা মেৰাপানী সীমান্তয়েদি নাগালেণ্ডলৈ গোপনে অবৈধ সুৰা সৰবৰাহৰ চেষ্টা চলাওঁতেই জব্দ কৰে বাহনখন।জব্দকত ট্ৰাকখনৰ নম্বৰ AS01QC9630। কেইবা লক্ষাধিক টকা মূল্যৰ বিলাতী সুৰা কঢ়িয়াই আনিছিল ট্ৰাকখনে (Illegal Liquor seized in Merapani)।

জানিব পৰা মতে কামৰূপ জিলাৰ মালিগাঁৱৰ পৰা ট্ৰাকখনত অনা হৈছিল অবৈধ সুৰাখিনি।

লগতে পঢ়ক : Land centric clash : গোলাঘাট জিলাৰ বাদুলিপাৰত ভূমি বেদখলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি