Local, Vocal, Global

Illegal Liquor seized in Bokajan: বোকাজানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা

বোকাজান,২৫নৱেম্বৰ : বোকাজানৰ খাকৰাজানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা

গুৱাহাটীৰ লখৰাৰ পৰা কহিমালৈ গৈ থকা অৱস্থাত বৰপথাৰ আৰক্ষীৰ খাকৰাজানত নিয়মীয়া নাকা তালাচীত আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি।

আৰক্ষীয়ে প্ৰায় তিনিশ(৩০০) কাৰ্টুন অবৈধ সুৰা বাহনখনৰ পৰা জব্দ কৰে(Illegal Liquor seized in Bokajan)।

AS-01-JC-7426 নম্বৰৰ ট্ৰাকখনত ভূজিয়া কাৰ্টুনৰ তলত অতি কৌশলেৰে লুকুৱাই আনিছিল অবৈধ বিলাতী সুৰাখিনি।

আৰক্ষীয়ে সুৰাসহ আটক কৰে বাহনখনৰ চালকজনক।

আটকাধীন লোকজন ধুবুৰীৰ গোলকগঞ্জৰ ফুলচান্দ আলি মণ্ডল বুলি জানিব পৰা গৈছে।

বৰ্তমান আটকাধীন লোকজনক জেৰা অব্য়াহত ৰাখিছে আৰক্ষীয়েষ

লগতে পঢ়ক :Drugs peddler arrested along with drugs: মানকাচৰত বৃহৎ পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰসহ আটক সৰবৰাহকাৰী