Illegal Liquor Raided in Jamugurihat : জামুগুৰিহাটত উৎখাত বিলাতী সুৰাৰ ঘাটি
জামুগুৰিহাট, ১৭ মাৰ্চ : শোণিতপুৰ জিলাৰ জামুগুৰিট আৰক্ষীৰ বৃহৎ সাফল্য। শণিবাৰে নিশা জামুগুৰিহাটত আৰক্ষীৰ এটা দলে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ।অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে( Illegal Liquor Raided in Jamugurihat)।
জানিব পৰা মতে, জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীনেশ ডেকাৰ নেতৃত্বত আৰক্ষীৰ দলে চলাইছিল এই অভিযান।
আৰক্ষীৰ অভিযানত প্ৰায় ১০ হাজাৰ লিটাৰ বিলাতী সুৰা জব্দ কৰাৰ লগতে অবৈধ অৰুণাচলী সুৰাৰ বটল জব্দ কৰি নষ্ট কৰি দিয়ে ।
উল্লেখ্য যে, বৃহত্তৰ জামুগুৰিহাটত আৰক্ষীয়ে দিনে নিশাই চলাই আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান । আৰক্ষীৰ এই সুৰা বিৰোধী অভিযানক সচেতন মহলে সলাগ লোৱা পৰিলক্ষিত হৈছে ৷
মুঠৰ ওপৰত ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও নিচা যুক্ত সামগ্ৰীৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ।
আনহাতে নিচা যুক্ত সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । নিচা যুক্ত সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে নিচা যুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।
লগতে পঢ়ক : Tragic Road Accident : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য; তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন