Illegal Liquor Raided in Golakganj : মন্দিৰৰ থাপনাৰ পৰা ওলাইছে লিটাৰে লিটাৰে চুলাই

গোলকগঞ্জ,১৯মাৰ্চ : এইবাৰ মন্দিৰৰ থাপনাৰ পৰা ওলাইছে লিটাৰে লিটাৰে চুলাই । অবৈধ মদ বেপাৰীৰ চুলাই লুকুওৱাৰ আজৱ পন্থা!
পবিত্ৰ মন্দিৰৰ ভিতৰত আজৱ কাণ্ড ! মন্দিৰৰ ভিতৰৰ পৰা ওলাইছে লিটাৰে লিটাৰে চুলাই মদ(Illegal Liquor Raided in Golakganj) ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে গোলকগঞ্জত । ৰাজ্যত বতমানে আব্যাহত আছে অবৈধ চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। তাৰ মাজতে সংঘটিত হৈছে এক আচৰিত ঘটনা।
এইবাৰ মন্দিৰৰ ভিতৰৰ ষ্টীলৰ আলমিৰাৰ লকাৰৰ পৰা ওলাইছে লিটাৰে লিটাৰে ওলাইছে চুলাই মদ। একেবাৰে আজৱ দেশৰ গজৱ দৃশ্য যি দৃশ্য দেখি হতভম্ব আৰক্ষীৰ লগতে স্থানীয় ৰাইজ ।
এক গোপন সূত্ৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাইছিল । অভিযানত আৰক্ষীয়ে জব্দ কৰে বৃহত পৰিমাণৰ চুলাই মদ।
জানিব পৰা মতে, গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নিৰ্দেশত উপ পৰিদৰ্শক বিশ্বজিত শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটি দলে চলাইছিল অভিযান। অভিযানত চুলাই মদ বিক্ৰেতাৰ ঘৰৰ মন্দিৰৰ থাপনাৰ পিছফালে লুকুৱাই ৰখা বৃহত পৰিমাণৰ চুলাই মদ জব্দ কৰে(Illegal Liquor Raided in Golakganj)।
ইফালে আৰক্ষীয়ে আন এঘৰত অভিযান চলাই ষ্টীল আলমিৰাৰ লকাৰত লুকুৱাই ৰখা চুলাই মদ জব্দ কৰে। প্ৰায় ৬০ লিটাৰ চুলাই জব্দ কৰি বিনষ্ট কৰে গোলকগঞ্জ আৰক্ষীয়ে।