Local, Vocal, Global

WATCH | Illegal Land Mining: কাৰ চত্ৰছায়াত চলিছে অবৈধ মাটিৰ খনন ? কিয় চকুত নপৰে বিভাগৰ

নগৰবেৰা,১৯ফেব্ৰুৱাৰী: কাৰ চত্ৰছায়াত চলিছে অবৈধ মাটিৰ খনন ? কিয় চকুত নপৰে বিভাগৰ

অবাধ গতিত নৈৰ বুকুত চলিছে মাটিৰ খনন । দিনে নিশাই জেচিবি-এস্কভেটৰে নৈৰ বুকুৰ পৰা আহৰণ কৰিছে মাটি ।ভূ-মাফিয়াক বাধা দিবলৈ যেন কোনো নাই । বন বিভাগৰ নিষ্ক্ৰীয়তাক লৈ সন্দেহ স্থানীয় তথা সচেতন মহলত(Illegal Land Mining) ।

প্ৰশ্ন হয়, বন বিভাগৰ সৈতে গোপন মিতিৰালিৰে চলিছে নেকি মাটিৰ অবৈধ খনন কাৰ্য ? কিয় বন বিভাগে এই মাটিৰ বৃহৎ চিণ্ডিকেটৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ।

ৰাজ্যত অব্যাহত আছে মাটিৰ বৃহৎ চিণ্ডিকেট । বন আইন উলংঘা কৰি চৰকাৰৰ লাখ-লাখ টকা ৰাজহ ফাঁকি দি অহৰ্নিশে চলাই গৈছে মাটিৰ অবৈধ খনন কাৰ্য । নিৰ্বিকাৰ হৈ আছে বন বিভাগ ।

বিভাগীয় বিষয়াক মেনেজ কৰি এনেদৰে বছৰ-বছৰ ধৰি চিণ্ডিকেট চক্ৰই চলাই গৈছে নেকি ৰমৰমীয়া বেহা (Illegal Land Mining )।

কামৰূপ জিলাৰ ভখুৰাদিয়া সংলগ্ন হলংগাপাৰাত ভূ-মাফিয়াৰ দপদপনি। ভূ-মাফিয়াৰ দলে কৃষিভূমিত চলোৱা অবৈধ খননে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে শতাধিক পৰিয়াললৈ। মোকছেদ আলীৰ নেতৃত্বত প্ৰায় ৮-১০ জনীয়া ভূ-মাফিয়াৰ এটা দলে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত অবৈধ মাটি খনন অব্যাহত ৰখাত সলনি হৈছে সূঁতি নদীৰ গতিপথ। নষ্ট হৈছে বৃহৎ কৃষিভূমি।

দৈনিক ৮ৰ পৰা ১০ টা ট্ৰেক্টৰেৰে মাটি সৰবৰাহ কৰিছে ভূ-মাফিয়াৰ দলটোৱে। এনে অবৈধ মাটি খননৰ বিৰোধীতা কৰিলেই ভাবুকি প্ৰদান কৰি আহিছে ভূ-মাফিয়া চক্ৰটোৱে। নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলেও ভূ-মাফিয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপিত হৈছে । বন বিভাগক মেনেজ কৰিয়েই ভূ-মাফিয়া চক্ৰটোৱে দিনে নিশাই অবাধ গতিত চলাইছে অবৈধ মাটি খননকাৰ্য ।

শীঘ্ৰে এনে অবৈধ মাটি খননকাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে ভূ-মাফিয়া সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে একাংশ লোকে।

লগতে পঢ়ক:WATCH | Sipajhar News:ছিপাঝাৰৰ নাপ্তাপাৰাত গাহৰিক বিষ দি হত্যা !