Illegal Land Mining : কাৰ চত্ৰছায়াত চলিছে অবৈধ মাটিৰ খনন ? কিয় চকুত নপৰে বিভাগৰ
শিৱসাগৰ, ২৭জানুৱাৰী : কাৰ চত্ৰছায়াত চলিছে অবৈধ মাটিৰ খনন ? কিয় চকুত নপৰে বিভাগৰ
অবাধ গতিত নৈৰ বুকুত চলিছে মাটিৰ খনন । দিনে নিশাই জেচিবি-এস্কভেটৰে নৈৰ বুকুৰ পৰা আহৰণ কৰিছে মাটি ।ভূ-মাফিয়াক বাধা দিবলৈ যেন কোনো নাই । বন বিভাগৰ নিষ্ক্ৰীয়তাক লৈ সন্দেহ স্থানীয় তথা সচেতন মহলত(Illegal Land Mining ) ।
প্ৰশ্ন হয়, বন বিভাগৰ সৈতে গোপন মিতিৰালিৰে চলিছে নেকি মাটিৰ অবৈধ খনন কাৰ্য ? কিয় বন বিভাগে এই মাটিৰ বৃহৎ চিণ্ডিকেটৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ।
ৰাজ্যত অব্যাহত আছে মাটিৰ বৃহৎ চিণ্ডিকেট । বন আইন উলংঘা কৰি চৰকাৰৰ লাখ-লাখ টকা ৰাজহ ফাঁকি দি অহৰ্নিশে চলাই গৈছে মাটিৰ অবৈধ খনন কাৰ্য । নিৰ্বিকাৰ হৈ আছে বন বিভাগ ।
বিভাগীয় বিষয়াক মেনেজ কৰি এনেদৰে বছৰ-বছৰ ধৰি চিণ্ডিকেট চক্ৰই চলাই গৈছে নেকি ৰমৰমীয়া বেহা (Illegal Land Mining at the Riverbed)।
আহোম ৰাজত্ব কালৰ অন্যতম স্বাক্ষৰ বহনকাৰি ঐতিহাসিক জেৰেঙা পথাৰ সম্প্ৰতি ধ্বংস গৰাহত পৰাৰ অভিযোগ। কেৱল ঐতিহাসিক জেৰেঙা পথাৰে নহয়, সমগ্ৰ শিৱসাগৰতেই যেন এতিয়া অবৈধ মাটি খননকাৰীৰ দপদপনি চলিছে।
ক্ৰমাৎ অবৈধ মাটিখননৰ হটস্পটত পৰিণত হৈছে শিৱসাগৰৰ বিভিন্ন স্থান। অবৈধ মাটি খননকাৰীৰ জেচিবি-এস্কভেটৰৰ আঘাটত ক্ষত-বিক্ষত ঐতিহ্য নগৰীৰ বিভিন্ন পথাৰ – নৈ পাৰ। অবৈধ মাটিখনন চিণ্ডিকেটৰ দৌৰাত্ম্যৰ ক্ষেত্ৰত নিৰ্লিপ্ত ভূমিকা পালন কৰাৰ অভিযোগ শিৱসাগৰ জিলা প্ৰশাসন আৰু আমগুৰি চক্ৰ বিষয়া তথা শিৱসাগৰ বন বিভাগৰ। শিৱসাগৰৰ দল সংগঠনৰ প্ৰশ্ন কোনে নাকী লগাব অবৈধ মাটিখননকাৰী সকলৰ দৌৰাত্ম্যক।
উল্লেখ্য যে, জেৰেঙা পথাৰৰ সঠিক সংৰক্ষণৰ দাবী উত্থাপন হৈ অহাৰ সময়তে এচাম ভূ-মাফিয়াই অবৈধভাৱে এক্সকেভেটৰে ভূমি খনন কৰি অস্তিত্বৰ সংকটলৈ ঠেলি দিছে জেৰেঙা পথাৰ। লক্ষ্যণীয় যে এই জেৰেঙা পথাৰতে কেইবছৰমান আগেয়ে অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশনো।
জেৰেঙা পথাৰতে অসম সাহিত্য সভাৰ কেইবা কোটি টকীয়া এটা বৃহৎ সাহিত্য সংস্কৃতিক প্ৰকল্প স্থাপনৰো প্ৰস্তুতি চলোৱা হৈছে। কিন্তু ইয়াৰ পিছতো দুষ্ট চক্ৰই কেইটামান টকাৰ বাবেই সংৰক্ষিত জেৰেঙা পথাৰত কিদৰে অবৈধ ভূমি খনন কৰিবলৈ সক্ষম হৈছে তাকলৈ উত্থাপিত হৈছে প্ৰশ্ন।