Local, Vocal, Global

illegal Drugs seized in Dhemaji : ধেমাজিত ড্ৰাগছসহ আটক মহিলা সৰবৰাহকাৰী

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : ধেমাজিত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ । বৃহস্পতিবাৰে আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি ।

বৃহস্পতিবাৰে ধেমাজি আৰক্ষীয়ে পুৱাই এক গোপন সূত্ৰ ভিত্তিত অভিযান চলাই জব্দ কৰে ১২০ গ্ৰাম ড্ৰাগছসহ এগৰাকী মহিলা লগতে তিনি গৰাকীকৈ সৰবৰাহকাৰীক৷

গোপন সূত্ৰৰ পম খেদি ধেমাজি আৰক্ষীয়ে ধেমাজি নগৰৰৰ বাছ আস্থানৰ পৰা এগৰাকী মহিলাৰ পৰা ১০টাকৈ ড্ৰাগছ ভৰ্ত্তি কণ্টেনাৰ উদ্ধাৰ কৰে(illegal Drugs seized in Dhemaji) ৷

জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকীয়ে তিনিচুকীয়া জিলাৰ শ্ৰীকৃষ্ণ চাহ বাগানৰ পৰা আনিছিল ড্ৰাগছ খনি। গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকীৰ নাম বাসন্তী চনা বুলি জানিব পৰা গৈছে । উক্ত ড্ৰাগছ খিনি ক্ৰয় কৰিবলৈ আহোতেই ধেমাজি আৰক্ষীয়ে প্ৰফুল্ল পেগু, ৰাজেশ পেগুক গ্ৰেপ্তাৰ কৰে ৷ ধৃত যুৱককেইজনৰ ঘৰ লখিমপুৰ জিলাত বুলি জানিব পৰা গৈছে।

ইফালে গ্ৰেপ্তাৰ হোৱা যুৱক কেইজনৰ তিনিটা মবাইল ফোনৰ লগতে এখন বাইক জব্দ কৰে আৰক্ষীয়ে ।জব্দকৃত মটৰচাইকেল খনৰ নম্বৰ হৈছে AS 07T2941।

লগতে পঢ়ক : Fire At Myanmar Refugees’ Camp In Mizoram : মিজোৰামৰ ম্যানমাৰীজ শৰণাৰ্থী শিবিৰত ভয়ংকৰ অগ্নিকাণ্ড