Ilish fish enters Assam via Manipur through the Myanmar border:নিতৌ অসমলৈ ম্যানমাৰ সীমান্তৰে মণিপুৰ হৈ আহে ইলিছ মাছ
নগাঁও,১৫ডিচেম্বৰ: নিতৌ অসমলৈ ম্যানমাৰ সীমান্তৰে মণিপুৰ হৈ আহে ইলিছ মাছ। মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ পৃষ্ঠপোষকতাত ম্যানমাৰ সীমান্তৰে অসমলৈ সৰবৰাহ হৈ আছে ইলিছ মাছ।
আনহাতে,ইলিছ মাছৰ লগতে অবৈধ ভাৱে বাৰ্মিজ সোণ আৰু নিচাজাতীয় দ্ৰব্যৰো সৰবৰাহ হৈ আছে অসমলৈ। শেহতীয়াভাৱে নগাঁও আৰক্ষীয়ে অবৈধভাৱে সৰবৰাহ হোৱা ইলিছ মাছৰ বিৰুদ্ধে অভিযান চলাই ইক্ৰামূল আৰু আব্দুল কালামে সৰবৰাহ কৰা প্ৰায় ৯ লক্ষাধিক টকাৰ ইলিছ মাছ জব্দ কৰে যদিও মীন বিভাগৰ একাংশ বিষয়াই ইয়াক হাওৰাৰ পৰা সৰবৰাহ হোৱা ইলিছ মাছ বুলি কৈ মোকোলাই লৈ যায়।
ইয়াৰ পিছতে নগাঁৱত অবৈধ মৎস্য ব্যৱসায়ী আৰু মীন বিভাগৰ একাংশ বিষয়াৰ মাজত থকা গোপন বুজাবুজি পুনৰ স্পষ্ট হৈছে(Ilish fish enters Assam via Manipur through the Myanmar border)।
উল্লেখযোগ্য যে, নগাঁৱৰ পাইকাৰী মৎস্য ব্যৱসায়ী সন্থাই বাৰ্মাৰ পৰা অহা সকলো মাছ নিষিদ্ধ কৰাৰ লগতে কোনো ব্যৱসায়ীয়ে এনে দুস্কাৰ্য কৰিলে ১০ হাজাৰ টকা জৰিমনা বিহা হ’ব বুলি সকীয়নি প্ৰদান কৰাৰ পিছতো আব্দুল কালাম, ইক্ৰামূল আৰু ৰতন বৰ্মন নামৰ ৩ ব্যৱসায়ীয়ে চলাই গৈছে এই বেহা। আনহাতে বাৰ্মিজ মাছৰ সৰবৰাহৰ নামত নগাঁৱলৈ অবৈধ সামগ্ৰী সৰবৰাহৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়াই।