Local, Vocal, Global

IIT Kharagpur Student Faizan Ahmed ‘Stabbed and Shot’ Before Death : ফাইজান আহমেদ কাণ্ডৰ নতুন মুৰ;হত্যা কৰা হৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদক

নিউজ ডেস্ক,১৫জুন : ফাইজান আহমেদ কাণ্ডৰ নতুন মুৰ ।

হত্যা কৰা হৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদক। তিনিচুকীয়াৰ ফাইজান আহমেদৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য। ছুৰীৰে আক্ৰমণ আৰু বাঁও কাণৰ তলত গুলীওৱা হৈছিল ফাইজানক।দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ফাইজানৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য।IIT খড়গপুৰত মৃত্যু হৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদৰ। ২০২২ চনৰ ১৪ অক্টোবৰত হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছিল মৃতদেহ।

উল্লেখ্য যে, অসম সন্তান ফাইজান আহমেদৰ মৃত্যুত সৃষ্টি হৈছিল বহু ৰহস্যৰ । ফাইজানৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ পুত্ৰক ৰেগিঙৰ নামত হত্যা কৰা বুলি অভিযোগ কৰি কলিকতা উচ্চ ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰিছিল । ইয়াৰ পিছতেই কলিকতা উচ্চ ন্যায়ালয়ে এটাৰ পিছত আন এটা শুনানি জাৰি কৰিছিল (Calcutta High Court)। ইয়াৰ পিছতো প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই ৰেগিঙৰ লগত জড়িত ছাত্ৰ সকলৰ নাম দাখিল নকৰাৰ বাবে ক্ষোভ ব্যক্ত কৰিছিল ন্যায়ালয়ে(IIT Kharagpur Student Faizan Ahmed ‘Stabbed and Shot’ Before Death
) ।

এতিয়াও ন্যায় নোপোৱা পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল উচ্চ স্তৰীয় তদন্ত । যাৰ বাবে CID ৰ হাতলৈ গৈছিল সমগ্ৰ তদন্ত প্ৰক্ৰিয়া । তাৰ পিছত ২৩ মে’ ২০২৩ চনত মঙ্গলবাৰে এই তদন্তৰ খাতিৰতেই CID য়ে ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত কবৰস্থানৰ পৰা ফাইজানৰ মৃতদেহ খান্দি উলিয়াইছিল ।

উল্লেখ্য যে, তেইশ বছৰীয়া ফাইজান IIT খড়গপুৰৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল (Faizan was a third year student of mechanical engineering IIT Kharagpu) । ২০২২ চনৰ ১৪ অক্টোবৰত হোষ্টেলৰ কোঠাৰ পৰাই উদ্ধাৰ হৈছিল ফাইজানৰ অৰ্ধগলিত মৃতদেহ । ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ফাইজানে ৰেগিঙৰ নামত তেওঁৰ ওপৰত চলা অমানষিক অত্যাচাৰৰ বিষয়ে অভিযোগ উত্থাপন কৰিছিল ।

লগতে পঢ়ক : Forest Range Officer Caught Accepting Bribe : যোৰহাটত উৎকোচ লৈ গ্ৰেপ্তাৰ আঞ্চলিক বন বিষয়া ইকবাল আহমেদ