Local, Vocal, Global

IIT Hyderabad student dies: আই আই টি হায়দৰাবাদৰ ছাত্ৰৰ আত্মহত্য়া

নেশ্যনেল ডেস্ক, জুলাই : আত্মহত্যা জানো শেষ উপায় । প্ৰায় প্ৰতিদিনেই আমি আত্মহত্যাৰ খবৰৰ শুনিবলৈ পাঁও। কোনোবাই যদি পঢ়াৰ চাপ, কোনোবাই প্ৰেমজনিত কাৰণ বা অন্য কাৰণত পৰি এই চৰম পন্থা বাছি লোৱা দেখা যায়। পুনৰ ছাত্ৰৰ আত্মহত্যা(Student suicide)। আই আই টি-হায়দৰাবাদৰ ছাত্ৰৰ আত্মহত্য়া ।

যোৱা সপ্তাহত বিশাখাপত্তনমত সাগৰত আত্মহত্য়া ছাত্ৰজনৰ ।মৃত ছাত্ৰজনৰ নাম ধনৱত কাৰ্তিক বুলি জানিব পৰা গৈছে( student allegedly died by suicide) । ঘৰ তেলেংগনাত । ছাত্ৰজনৰ পৰিয়াল তেলেংগনাত থাকে(IIT Hyderabad Student Dies By Suicide)।

জানিব পৰা মতে, ১৭ জুলাইৰ পৰা হোষ্টেল কেম্পাচৰ পৰা সন্ধানহীন হৈ আছিল কাৰ্তিক (IIT Hyderabad student dies) । কাৰ্তিকৰ মাতৃয়ে কোৱা অনুসৰি কাৰ্তিকয়ে মাতৃক কেইবাৰো ফোন কৰিছিল আৰু কাৰ্তিক ককাক ৰবীন্দ্ৰৰ কোৱা মতে, তেওঁ প্ৰতিদিনে কাৰ্তিকে মাকৰ লগত দুবাৰকৈ কথা পাতিছিল আৰু সন্ধানহীন হোৱাৰ আগৰ সন্ধিয়াও মাকৰ লগত কথা পাতিছিল। কিন্তু ১৯ জুলাইত ৰাতিপুৱাই কাৰ্তিকে মাকক ফোন কৰাৰ নাচিলে আৰু মাকৰ ফোন ৰিচিভ নকৰাত মাতৃ চিন্তিত হৈ পৰে। ইফালে ছাত্ৰজনে পিতৃ-মাতৃৰ ফোনৰ উত্তৰ দিয়া নাই বুলি হোষ্টেল কৰ্তৃপক্ষই গম পাইছিল আৰু ১৯ জুলাইত ছাত্ৰজনৰ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰে (20 year old student of IIT Hyderabad suicide in Vishakhapatnam by drowning himself in the sea) ।

আনহাতে, আৰক্ষীৰয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু তদন্তত পোহৰলৈ আহে যে কাৰ্তিকে মাতৃলৈ শেষ ফোনটো বিশাখাপট্টানাৰ ওচৰৰ অঞ্চল এটাৰ পৰা কৰিছিল।

চিচিটিভি ফুটেজ অনুসৰি, তেওঁক শেষবাৰৰ বাবে ১৯ জুলাইৰ পুৱতি নিশা সাগৰৰ পাৰৰ ওচৰত বিপদ সংকুল ঠাইত আছিল। ইফালে, ২০ জুলাইত আৰক্ষীয়ে সাগৰৰ পাৰত এটা মৃতদেহ উদ্ধাৰ কৰে আৰু মৃতদেহটো বয়োজ্যেষ্ঠ লোকৰ বুলি সন্দেহ কৰা হৈছিল যদিও পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় আৰু মৰণোত্তৰ পৰীক্ষা পাছত পোহৰলৈ আহে যে সেই মৃতদেহটো ছাত্ৰজনৰ । তাৰ পাছতে কাৰ্তিৰ পৰিয়ালে চিনাক্ত কৰে মৃতদেহটো।

কাৰ্তিকৰ পৰিয়ালৰ ভাষ্য অনুসৰি কলেজত বেক লাগি থকাৰ বাবে তেওঁ চিন্তিত আছিল। আৰু সেইবাবেই কাৰ্তিকে আত্মহত্যা কৰে বুলি সন্দেহ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক : student commits suicide : ছাত্ৰাবাসত আত্মহত্যা ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ৰ ছাত্ৰৰ