Local, Vocal, Global

IIT Delhi student dies: হোষ্টেলৰ কোঠাত আই আই টি-দিল্লীৰ এজন ছাত্ৰৰ আত্মহত্যা

নতুন দিল্লী, ৯ জুলাই : ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান দিল্লী (IIT Delhi) ৰ চৌহদত থকা এটা হোষ্টেলৰ কোঠাত বি টেকৰ চতুৰ্থ বৰ্ষৰ এজন ছাত্ৰই আত্মহত্যা কৰাৰ এক অভিযোগ পোৱা বুলি দেওবাৰে দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে (Fourth year BTech student allegedly died by suicide) ।

মৃত ছাত্ৰজন উত্তৰ প্ৰদেশৰ বৰেলীৰ বাসিন্দা আয়ুষ (২০) বুলি জানিব পৰা গৈছে । আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি শনিবাৰে মাজনিশা প্ৰায় ১২ বজাত এই ঘটনাটো সংঘটিত হয় ।

এগৰাকী আৰক্ষী বিষয়াই ফল্লেখ কৰা অনুসৰি, “মৃত আয়ুষ আই আই টিৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ আছিল । যোৱা নিশা প্ৰায় ১২ বজাত আয়ুছে নিজৰ উদয়াগিৰি হোষ্টেলত ফাঁচী লৈ আত্মহত্যা কৰে (Hanging himself in his Udayagiri hostel) । ২০ বছৰীয়া আয়ুষ উত্তৰ প্ৰদেশৰ বাৰেলীৰ বাসিন্দা আছিল । অৱশ্যে আত্মহত্যাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব আত্মহত্যাৰ কাৰণ ।

ইয়াৰ পূৰ্বে যোৱা ৪ জুলাইত দিল্লীৰ দ্বাৰকাৰ ছেক্টৰ-১৬(Dwarka Sector 16 of Delhi)ৰ ১৪ বছৰীয়া এগৰাকী কিশোৰীয়ে এটা অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কৰা বুলি দিল্লী আৰক্ষীয়ে সোমবাৰে প্ৰকাশ কৰিছে ।

তথ্য অনুসৰি মৃত কিশোৰীগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী আছিল । দিল্লী আৰক্ষীয়ে জনোৱা মতে, কিশোৰীগৰাকীৰ পৰা এখন ছুইচাইড নোট উদ্ধাৰ কৰা হৈছে য’ত মৃত কিশোৰীগৰাকীয়ে পঢ়া-শুনা কৰিব নিবিচৰা আৰু অন্যান্য আত্মহত্যাৰ চিন্তাৰ কথা উল্লেখ কৰিছিল ।

কিশোৰীগৰাকীয়ে পুৱা ৫ বাজি ৩৫ মিনিটত দ্বাৰকাৰ ১৬ নং ছেক্টৰৰ এটা অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা কৰা এই ঘটনাটোৰ সন্দৰ্ভত নৰ্থ দ্বাৰকা থানাৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Tribal Woman Raped: স্বামীক ঘৰত আবদ্ধ কৰি আদিবাসী মহিলাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, কাৰখানাৰ মালিকক গ্ৰেপ্তা