G 20 summit : নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G 20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব চীনৰ ৰাজ্যিক পৰিষদৰ প্ৰধান লি কিয়াঙে
নেশ্যনেল ডেস্ক, ৬ছেপ্টেম্বৰ : G 20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ চীনৰ ! এই কথা জনাই হোৱাইট হাউছৰ বিষয়া জেক চুলিভানে(G 20 summit) ।
হোৱাইট হাউছৰ বিষয়া জেক চুলিভানে মঙলবাৰে কয় যে ৯ আৰু ১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া G 20 শীৰ্ষ সন্মিলনত চীনে অংশগ্ৰহণ কৰি স্পয়লাৰৰ ভূমিকা পালন কৰিব পাৰে ।
জেক চুলিভানে কয় যে, ভাৰতত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত চীনে কেনেধৰণৰ ভূমিকা ল’ব সেই বিষয়ে সিদ্ধান্ত ল’ব। দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈঠকত ৰাষ্ট্ৰপতি ঝি জিনপিঙে অংশগ্ৰহণ নকৰাটো নিশ্চিত হোৱাৰ পিছৰে পৰা চীনৰ উদ্দেশ্যক লৈ সন্দেহৰ সৃষ্টি হৈছিল। ইয়াৰ পৰিৱৰ্তে চীনৰ প্ৰতিনিধি দলৰ নেতৃত্বত থাকিব প্ৰধানমন্ত্ৰী লি কিয়াঙ। চীনৰ বৈদেশিক মন্ত্ৰালয়ে সোমবাৰে ঘোষণা কৰে যে হাইপ্ৰফাইল বৈঠকখন সফল কৰাৰ বাবে সকলো পক্ষৰ সৈতে কাম কৰিবলৈ বেইজিঙৰ সাজু।”ভাৰত আৰু চীনৰ মাজত উত্তেজনাই জি-২০ শীৰ্ষ সন্মিলনত প্ৰভাৱ পেলোৱাৰ প্ৰশ্নটো আহিছে সেয়া চীনৰ ওপৰত নিৰ্ভৰশীল। চীনে যদি G 20 সন্মিলনত অংশগ্ৰহণ কৰি এই সন্দৰ্ভত ভূমিকা পালন কৰিব বিচাৰে, তেন্তে অৱশ্যেই সেই বিকল্প তেওঁলোকৰ বাবে উপলব্ধ(If China wants to play the role of spoiler at G20 Summit that option is available) ।
G 20 সন্মিলনত প্ৰভাৱ পেলোৱা ভাৰত আৰু চীনৰ উত্তেজনা সম্বন্ধীয় এক প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে কয় যে G20 ৰ অধ্যক্ষ ভাৰত, আমেৰিকা আৰু অন্যান্য সদস্যসকলেও চীনক ভূ-ৰাজনৈতিক প্ৰশ্নসমূহ একাষৰীয়া কৰি গঠনমূলক ভূমিকা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব(If China wants to play the role of spoiler at G20 Summit that option is available) ।
লগতে জেক চুলিভানে কয়, মই ভাবো যে ভাৰতৰ অধ্যক্ষই দেশখনক সেয়া কৰিবলৈ উৎসাহিত কৰিব । ঋণ সকাহ, প্ৰযুক্তি আৰু ভূ-ৰাজনৈতিক প্ৰশ্নসমূহ আঁতৰাই ৰাখি সমস্যাৰ সমাধান সূত্ৰ বিচৰাত মনোনিৱেশ কৰক ৷ “উল্লেখ কৰা প্ৰয়োজন যে, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে দিল্লীত অনুষ্ঠিত হোৱা G20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ নকৰো বুলি ঘোষণা কৰাৰ এদিন পিছতে এই কথা প্ৰকাশ পাইছে ।
সোমবাৰে চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ঘোষণা কৰে যে, দেশখনৰ ৰাজ্যিক পৰিষদৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে অহা ৯ আৰু ১০ ছেপ্টেম্বৰত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক G 20 সন্মিলনত অংশগ্ৰহণ কৰিব । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙৰ উদ্ধৃতি দি বিবৃতিটোত লিখা আছে, “আমন্ত্ৰণ অনুসৰি” ৯ আৰু ১০ ছেপ্টেম্বৰত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক G 20 সন্মিলনত অংশগ্ৰহণ কৰিব ৰাজ্যিক পৰিষদৰ প্ৰধান লি কিয়াঙে ।”
ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতত জি-২০ ইভেণ্ট এৰি দিয়াত কোনো অস্বাভাৱিক কথা নাই। বিগত সময়তো এনেধৰণৰ অনুষ্ঠান পৰা বিৰত থকা দেখা গৈছে। ভাৰতৰ লগত ইয়াৰ কোনো সম্পৰ্ক আছে বুলি মই নাভাবো। মই ভাবো তেওঁলোকে যিয়েই সিদ্ধান্ত লওক, তেওঁলোকে সৰ্বোত্তমভাৱে জানিব।’
চুলিভানে শ্বেয়াৰ কৰে যে, ৰাষ্ট্ৰপতি জো বাইডেনে জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰকৃত অগ্ৰগতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। তেওঁ জি-২০ৰ সকলো সদস্যই গঠনমূলকভাৱে অংশগ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু জলবায়ু কাৰ্য্য, স্বাস্থ্যসেৱা, ডিজিটেল প্ৰযুক্তি, আৰু গ্ল’বেল ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট (পিজিআই)ৰ বাবে অংশীদাৰিত্বৰ দৰে মূল অগ্ৰাধিকাৰৰ কথা লক্ষ্য কৰে। ইয়াৰ উপৰিও চুলিভানে ইউক্ৰেইনত ৰাছিয়াৰ অবৈধ কাৰ্য্যকলাপক জি-২০-এ কেনেদৰে মোকাবিলা কৰে তাৰ ওপৰত চলি থকা মনোনিৱেশৰ ওপৰত আলোকপাত কৰি ভয়াৱহ সামাজিক আৰু অৰ্থনৈতিক পৰিণতি আৰু ইউক্ৰেইনক সমৰ্থন কৰাৰ বাবে আমেৰিকাৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে।
তেওঁ লগতে উল্লেখ কৰে যে ২০২৬ চনত আমেৰিকাই জি-২০ আয়োজন কৰিবলৈ আগ্ৰহী।
লগতে পঢ়ক :G20 Summit : বাইডেনৰ কভিড’ নিগেটিভ ,ভাৰতলৈ আহিবলৈ সাজু আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী