Love Jihad controversy: অৱশেষত ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে ভূপেন বৰাই
ডিজিটেল ডেস্ক, ২৮জুলাই : অৱশেষত ক্ষমা বিচাৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। লাভ জেহাদ সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰি বিতৰ্কত সোমাই পৰা ভূপেন বৰাই অৱশেষত প্ৰাৰ্থনা গাই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে (pradesh congress president Bhupen bora) ।
উল্লেখ্য যে,বৃহস্পতিবাৰে শ্ৰীকৃষ্ণ ৰুক্মিণী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বৃহস্পতিবাৰে লাভ জেহাদৰে মহাভাৰতৰ ব্যাখ্যা দাঙি ধৰিছিল আৰু শ্ৰীকৃষ্ণ ৰুক্মিণী সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য (Love Jihad controversy)।
লাভ জেহাদৰ প্ৰসংগত মন্তব্য আগবঢ়াবলৈ গৈ বিষয়টোৰ মাজলৈ হিন্দুৰ উপাস্য দেৱতা ভৱগান কৃষ্ণ আৰু মহাকাব্য মহাভাৰতক টানি আনি বিতৰ্কত সোমাই পৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা (if anyone files a complaint pradesh congress president Bhupen bora will be arrested) ৷
ভূপেন বৰাই-লাভ জেহাদ সন্দৰ্ভত কৈছিল যে, ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই লাভ জেহাদ চলি আহিছে ৷ পূৰ্বতেও বৈবাহিক প্ৰস্তাৱক লৈ ৰজা-মহাৰজাৰ মাজত যুদ্ধ হৈছিল ৷ মহাভাৰতৰ উৎসৰ কথা উল্লেখ কৰি ভূপেন বৰাই কয় যে, ধৃতৰাষ্ট্ৰলৈ গান্ধাৰীক বিয়া কৰোৱাই অনা আৰু শ্ৰীকৃষ্ণই ৰুক্মিণীক বিবাহ কৰোৱাটোও এক প্ৰকাৰ লাভ জেহাদ বুলি আখ্যা দিয়ে(pradesh congress president bhupen bora) ৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে সদৌ অসম দেৱালয় সংঘ লগতে জাঙুৰ খাই উঠিছে ৰাজনৈতিক মহলৰ বিভিন্ন নেতাৰ লগতে বহুকেইটা সংগঠন ৷ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ বিৰুদ্ধে সদৌ অসম দেৱালয় সংঘই প্ৰশাসনক বিহিত ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাইছে।
ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিতৰ্কিত মন্তব্য বিৰুদ্ধে ভাৰতীয় জনতা যুৱ মৰ্চা লংকা থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে কংগ্ৰেছ সভাপতিগৰাকীয়ে কৰা মন্তব্য সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, যদি কোনোবাই ভূপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে, তেন্তে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ’ব ।
এনে পৰিপ্ৰেক্ষিতত শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদমেলযোগে তেওঁ কৰা বিতৰ্কিত মন্তব্য়ৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰে ৰাইজৰ ওচৰত। তেওঁ কয়,’মুখ্যমন্ত্ৰীলৈ মই ভয় কৰা নাই। ককাদেউতা ৰাতি সপোনত আহি ।’ ককাদেউতাকে তেওঁ কৰা ভুলৰ বাবে ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ কৈছে তেওঁক।
এই সন্দৰ্ভত তেওঁ কয় ‘দুটা অলাগতিয়াল কথা কোৱাৰ বাবে ককাই নামঘৰলৈ যাবলৈ কৈছে।’ আনহাতে এগৰাকী সত্ৰাধিকাৰে তেওঁক নামঘৰলৈ প্ৰৱেশ কৰাত বাধা দিয়াক লৈ তেওঁ কয় ‘বেছি বেয়া লাগিছে যেতিয়া এজন সত্রাধিকাৰে মোক নামঘৰলৈ যাবলৈ বন্ধ কৰিব দিছে।’ সেয়ে উক্ত ভুলৰ বাবে তেওঁ ক্ষমা বিচৰা বুলি মন্তব্য কৰে।
লগতে পঢ়ক : Love Jihad controversy: বিতৰ্কৰ আৱৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা