Local, Vocal, Global

IAF makes emergency landing in flood : ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

নেশ্যনেল ডেস্ক,৩ অক্টোবৰ : ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত । বুধবাৰে বিহাৰৰ মুজাফ্ফৰপুৰত দুৰ্ঘটনাগ্ৰস্ত হয় ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ।

ইঞ্জিন বিকল হোৱাৰ বাবেপাইলটজনে পানীত অৱতৰণ কৰে হেলিকপ্টাৰখন। পানীত অৱতৰণ কৰাৰ সময়তে দু্ৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।বিমান দু্ৰ্ঘটনাগ্ৰস্তৰ ফলত পাইলট আৰু জোৱান আহত হয় ।আহত পাইলট আৰু জোৱানকেইজনক এছ কে এম চি এইচত ভৰ্তি কৰোৱা হয়(Air Force Chopper Crash Lands in Bihar’s Muzaffarpur While Dropping Flood Relief)।

উল্লেখ্য যে , বানৰ ফলত বিহাৰৰ ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিবলৈ, বায়ু সেনাৰ দলটোৱে মঙলবাৰৰ পৰা খাদ্যৰ পেকেট বিতৰণ কৰি আহিছে । ইয়াৰ মাজতে হেলিকপ্টাৰৰ ইঞ্জিন বিকল হৈ পৰে যাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত অৱস্থাত অৱতৰণ কৰা হয় হেলিকপ্টাৰখন । পাইলটজনৰ উপস্থিত বুদ্ধিৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ ৰক্ষা পৰে জোৱানসকল( IAF makes emergency landing in flood)।

তথ্য অনুসৰি, হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে জোৱানসকলে পানীত জঁপিয়াই নিজৰ জীৱন ৰক্ষা কৰে । হেলিকপ্টাৰত চাৰিজন জোৱান আছিল, চাৰিওজনক সুৰক্ষিতভাৱে উলিয়াই আনিবলৈ সক্ষম হয় এছ ডি আৰ এফে । এই সন্দৰ্ভত গাঁওবাসীয়ে কয় যে এই দুৰ্ঘটনাটোত পাইলট আৰু সেনা জোৱানসকল সুৰক্ষিত থকাটো সৌভাগ্যজনক । ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত মানুহৰ এক বৃহৎ ভিৰ জমা হয় । গাঁওবাসীৰ উদ্যোগত সেই সকলো সৈনিকক পানীৰ পৰা সুৰক্ষিতভাৱে বাহিৰলৈ অনা হয় ।

লগতে পঢ়ক :8 Unique Products Earn Prestigious GI Tag : অসমৰ আঠবিধকৈ সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ