Local, Vocal, Global

IAF helicopter rescues 13 fishermen marooned in Brahmaputra : ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ হৈ থকা মাছমৰীয়াক উদ্ধাৰ বায়ু সেনাৰ

নিউজ ডেস্ক,২জুলাই : ডিব্ৰুগড় জিলাত বানে লৈছে ভয়ংকৰ ৰূপ । বানৰ ভয়ংকৰ ৰূপৰ মাজতে ডিব্ৰুগড় জিলাৰ ১২ জনকৈ মাছমৰীয়া ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ হৈ পৰিছিল । ব্ৰহ্মপুত্ৰৰ পানী হঠাৎ বৃদ্ধি পোৱাত ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ হ’বলগীয়া হৈছিল মাছমৰীয়াকেইজন ।

এই ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাচত সোমবাৰৰ দিনটো পৰ্যন্ত মাছমৰীয়াসকলক উদ্ধাৰ কৰিবৰ বাবে SDRF য়ে চেষ্টা চলাইছিল যদিও ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতৰ বাবে সেয়া সম্ভৱপৰ হৈ উঠা নাছিল ৷ উদ্ধাৰ কাৰ্যত সফল হ’ব পৰা নাছিল SDRF বাহিনী( IAF helicopter rescues 13 fishermen marooned in Brahmaputra) ।

ঘটনা সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ আয়ুক্তই অৱগত হোৱাৰ পাচতে মাছমৰীয়াকেইজনক উদ্ধাৰ কৰিবলৈ বাবে সেনা বাহিনীৰ সহায় লয় আৰু মঙলবাৰে হেলিকপ্টাৰেৰে বায়ুসেনাই অভিযান চলাই আৰু ১২ জনকৈ মাছমৰীয়াক উদ্ধাৰ কৰে । তিনিদিনে ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ হৈ থকা মাছমৰীয়াসকলক অৱশেষত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বায়ু সেনাই ।

উদ্ধাৰ কৰি মাছমৰীয়াৰ দলটোক মোহনবাৰী বায়ু সেনাৰ শিবিৰলৈ লৈ যায় বায়ু সেনাই । ডিব্ৰুগড়ৰ চাৰখুলীয়া চাপৰি আৰু হাতীয়ালী চাপৰিৰ পৰা ব্যক্তিকেইজনক উদ্ধাৰ কৰি লগে লগে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । মাছমৰীয়াসকল বৰ্তমান সুৰক্ষিত বুলি জানিবলৈ দিছে জিলা আয়ুক্তগৰাকীয়ে ।

উদ্ধাৰ হোৱা মাছমৰীয়াকেইজন ডিব্ৰুগড়ৰ পশ্চিম ৰাজহ চক্ৰৰ অধীনৰ বিনৈগুটিয়া গাঁৱৰ ৰঞ্জিত দাস, চেনিৰাম দাস, বুবু দাস, দেৱ দাস, ৰাজু নন্দ দাস, আৰু লখিন্দৰ হালুৱা আৰু ডিব্ৰুগড়ৰ পূব ৰাজহ চক্ৰৰ অধীনৰ অমৰাগুৰি গাঁওৰ আলো নামাসুদ্ৰ, চেৰা তামুলী, মইনা দাস, বুকন দাস, স্বপন নামাসুদ্ৰ আৰু পাপাই নামাসুদ্ৰ বুলি জানিবলৈ দিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক : Open firing at Matmora : মাতমৰা মথাউৰীত ৯ জাই গুলীৰ প্ৰচণ্ড শব্দ