Local, Vocal, Global

Hyderabad man dies fighting for Russia : ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষত নিহত হায়দৰাবাদৰ যুৱক

ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ মাৰ্চ : অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ । দুয়োখন দেশৰ সংঘৰ্ষৰ মাজত নিহত হৈছে হাজাৰ হাজাৰ লোক । শ্বহীদ হৈছে দেশৰ যথেষ্ট সংখ্যক সেনা । ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ মাজত বিভিন্ন দেশৰ নাগৰিক শ্বহীদ হৈছে ।ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ মাজত বলি হৈছে ভাৰতৰ নিৰিহ লোক(Hyderabad man dies fighting for Russia) ।

শেহতীয়াকৈ লাভ কৰা এক খবৰ অনুসৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ মাজত মৃত্য়ু হৈছে হায়দৰাবাদৰ নামপল্লী অঞ্চলৰ বজাৰঘাটৰ মহম্মদ আফছান নামৰ এজন যুৱক । ইউক্ৰেইনৰ সৈতে যুদ্ধ চলি থকাৰ সময়তে ৰাছিয়াৰ হৈ যুঁজ দি প্ৰাণ হেৰুৱাইছে ভাৰতৰ যুৱকজনে । এই কথা প্ৰকাশ কৰে আফছানৰ ভাতৃ ইমৰানে । ভাতৃয়ে জনোৱা মতে ৰাছিয়াৰ ভাৰতীয় দূতাবাসৰ পৰা এটা ফোন পাইছিল য’ত এই কথা পৰিয়ালটোক অৱগত কৰা হৈছে(Hyderabad man dies fighting for Russia, was among those duped into joining war) ।

আফছানৰ ভাতৃ কোৱা অনুসৰি, কেইমাহ মানৰ পূৰ্বে মুম্বাইৰ চাকৰি দিয়া ভুৱা এজেন্টৰ সহায়ত চাকৰিৰ আশাত ডুবাইলৈ গৈছিল আফছান। তাৰ পাছত তেওঁক মস্কোলৈ লৈ যায়। তাৰ পিছতে কিছু নথিপত্ৰত চহী কৰায় চালনাৰে আফছানক ৰাছিয়াৰ সেনাত নিযুক্তি দিয়াই। উল্লেখযোগ্য যে উচ্চ বেতনৰ চাকৰি দিয়াৰ উজুহাতত প্ৰায় ২০ জন ভাৰতীয় যুৱকক ৰাছিয়ালৈ নিয়া হৈছিল । লগতে তেওঁলোকক যুদ্ধত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰায়।

ভাতৃয়ে দাবী কৰা মতে যিমান সম্ভৱ সোনকালে আফছানৰ মৃতদেহ ঘৰলৈ অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সহায় কৰিব লাগে । আনহাতে আফছানক বিপথে পৰিচালিত কৰি ৰাছিয়াৰ সেনাত নিযুক্তি দিয়া এজেণ্টসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈও ভাতৃয়ে চৰকাৰক দাবী জনায়(Hyderabad youth who was tricked into joining Russian army killed in war with Ukraine)।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোৱা মতে চৰকাৰে প্ৰায় ২০ গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰাই অনাৰ প্ৰয়াস কৰি আছে । যিসকলে সহায়ক কৰ্মচাৰী হিচাপে কাম কৰি আছে । তাৰ ভিতৰত ৩ গৰাকী হায়দৰাবাদৰ নাগৰিকো আছে ।

লগতে পঢ়ক : PM Narendra Modi to visit Arunachal Pradesh on March 9 : শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ টাৱাং সংযোগী চেলা পাছৰ সুৰংগ