Husband-Wife Duo Arrested for Drug Smuggling : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা
গেলেকী,১৭ফেব্ৰুৱাৰী : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা । একাংশ মহিলাই যেন নামি পৰিছে অপৰাধৰ জগতত।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰিছে । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী(Husband-Wife Duo Arrested for Drug Smuggling)।
এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা । একাংশ মহিলাই এতিয়াই বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক । আৰক্ষীয়ে যিমান সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি আছে ড্ৰাগছৰ সৰবৰাহ । কিন্তু তাৰ মাজতে আৰক্ষীয়ে অব্য়াহত ৰাখিছে অভিযান।
পুনৰ আৰক্ষীৰ জালৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী ।
নাজিৰাত ড্ৰাগছসহ আটক যুৱক-যুৱতী।
এখন সন্দেহযুক্ত বাহনক জব্দ কৰি আৰক্ষীয়ে তালাচী চলাই নাজিৰা আৰক্ষীয়ে জব্দ কৰে 9.95 গ্ৰাম ব্ৰাউন ছুগাৰ। আটক কৰে সৰবৰাহকাৰীক।
আটক সৰবৰাহকাৰী দুজন ৰাহুল গুণ আৰু মনদিকা গগৈক বুলি চিনাক্ত।
জানিব পৰা মতে, আটকাধীন ৰাহুল আৰু মনদিকা স্বামী-স্ত্ৰী।