Husband killed wife in Dhemaji : ধেমাজিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা , অন্তঃসত্ত্বা পত্নীক হত্যা কৰি স্বামীয়ে কৰিলে আত্মহত্যা
ধেমাজি, ১ আগষ্ট : ৰাজ্যত ধাৰাবাহিক ভাৱে সংঘটিত হৈ আছে হত্যা হিংসাৰ ঘটনা ( (Husband killed wife in Dhemaji) । ঘটনা একেই মাত্ৰ ঠাই আৰু ব্যক্তি কেৱল বেলেগ । ধেমাজিত সোমবাৰে সংঘটিত হয় ভয়ানক হত্যাকাণ্ড (Husband killed wife in Dhemaji) । সোমবাৰে আবেলি ধেমাজিৰ জিলা বৰদলনি ভকত কৈৱৰ্ত্ত গাঁৱত সংঘটিত হৈছে এক জঘণ্য আৰু চাঞ্চল্যকৰ কাণ্ড। নিজ স্বামীয়ে অতি নিশংস ভাৱে দাৰে ঘপিয়াই আক্ৰমণ কৰি হত্যা কৰিলে গৰ্ভৱতী পত্নীক (Husband stabs pregnant wife to death)। পৰৱৰ্তী সময়ত নিজেও আত্মহত্যাৰ পথ বাছি ললে ব্যক্তিজনে (Husband killed wife in Dhemaji)।
এই ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য । তথ্য অনুসৰি সোমবাৰে বিয়লি প্ৰায় ৩ বজাত ৰিপুঞ্জিত দাস নামৰ এজন ব্যক্তিয়ে নিজ পত্নী চুমী দাসক দাৰে ঘপিয়াই ৷ জানিব পৰা মতে ৰিপুঞ্জিত দাস পেচাক এগৰাকী শিক্ষক ।
এই ঘটনাৰ বিষয়ে স্থানীয় ৰাইজে জানিব পাৰি গুৰুতৰ ভাৱে আহত চুমী দাসক ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও ধেমাজি অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে তেওঁ ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।
কিন্তু ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ লৈ যোৱাৰ পথতে মৃত্যু হয় মহিলাগৰাকীৰ । জানিব পৰা মতে নিহত চুমী দাস নামৰ এই বোৱাৰীগৰাকী আছিল আঁঠ মাহৰ অন্তসত্বা । আনহাতে পত্নীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে ৰিপুঞ্জিত দাসেও নিজ গৃহতে নিশা আত্মহত্যাৰ পথ বাছি লয় ।
লগতে পঢ়ক : Chennai Encounter : আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাওঁতেই গুলীয়াই হত্যা দুই অপৰাধী