WATCH | Husband Killed His Wife : ছিপাঝাৰৰ দেওমৰনৈ- কুমাৰপাৰাত নৃশংস হত্য়াকাণ্ডৰ ঘটনা
ছিপাঝাৰ,১৭মে’ : ছিপাঝাৰৰ দেওমৰনৈ- কুমাৰপাৰাত নৃশংস হত্য়াকাণ্ডৰ ঘটনা।
স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ।
শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো(Husband Killed His Wife)।
স্থানীয় লোকৰ অভিযোগ অনুসৰি, মিনু চহৰীয়া নামৰ মহিলাগৰাকীক সন্ধিয়া মাৰপিট কৰে স্বামী জয়ন্ত চহৰীয়াই।
মুমুৰ্ষূ অৱস্থাত স্থানীয় লোকে মিনু চহৰীয়াক প্ৰেৰণ কৰে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ।
কিন্তু চিকিৎসকে GMCH লৈ প্ৰেৰণ কৰা পথতে মৃত্যু হয় মিনু চহৰীয়াৰ।
ঘটনা সংক্ৰান্তত পাথৰিঘাট আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী স্বামী জয়ন্ত চহৰীয়াক।
স্থানীয় ৰাইজৰ অভিযোগ, স্বামী জয়ন্ত চহৰীয়াই প্ৰায়েই মদ্যপান কৰি মাৰধৰ কৰে পত্নী মিনু চহৰীয়াক।
লগতে পঢ়ক : WATCH | Raijor Dal : ৰাইজৰ দলত অথন্তৰ