Local, Vocal, Global

WATCH | Husband Killed His Wife : মৰাণত পত্নী হত্যাকাৰী প্ৰকাশ চেত্ৰী ওৰফে কাঞ্চাক গ্ৰেপ্তাৰ

মৰাণ,৫মে’ : মৰাণত পত্নী হত্যাকাৰী প্ৰকাশ চেত্ৰী ওৰফে কাঞ্চাক গ্ৰেপ্তাৰ কৰিছে মৰাণহাট আৰক্ষীয়ে ৷

মৰাণৰ আমগুৰী গাঁৱত সম্পৰ্কীয় লোকৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰে আৰক্ষীয়ে ৷মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অটুল পাতৰৰ তৎপৰতাত গ্ৰেপ্তাৰ হত্যাকাৰী প্ৰকাশ চেত্ৰী ওৰফে কাঞ্চাক ৷

উল্লেখ্য যে, চৰাইদেউ জিলাৰ মৰাণৰ ৰাঙলীত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড ৷ ৰাঙলীৰ চকলীয়া নিবাসী গিয়াচুদ্দিন আহমেদৰ চাহ বাগিচাত কৰ্মৰত জোনালী মোডী নামৰ চল্লিশ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয় বাগিচাখনৰে এটা নলাত ৷ জোনালীয়ে স্বামী প্ৰকাশ চেত্ৰী (৪৫)-ৰ সৈতে গিয়াচুদ্দিন আহমেদৰ বাগিচাত কাম কৰাৰ লগতে বাগিচাৰ লগতে থকা এটা বাসগৃহত বসবাস কৰিছিল(Husband Killed His Wife)৷

পতি-পত্নী দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈ থকা বুলি স্থানীয় লোকে জানিবলৈ দিছে ৷ যোৱা নিশাও দুয়োৰে মাজত কাজিয়া হোৱাৰ পৰিণতিতে প্ৰকাশ চেত্ৰীয়ে পত্নী জোনালীক এডাল বাঁহৰ লাঠিৰে মৰিয়াই হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ হিংৰিজান চাহ বাগিচাৰ তিনিচুকীয়া বামলাইনৰ খেৰবাৰী নিবাসী প্ৰকাশ চেত্ৰী সম্প্ৰতি পলাতক হৈ আছিল ৷ অৱশেষত আৰক্ষীৰ অনুসন্ধাত গ্ৰেপ্তাৰ কৰে প্ৰকাশ চেত্ৰীক।

লগতে পঢ়ক: WATCH | Panchayat Election : ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মুক্তা দেৱী মণ্ডলৰ হৈ ওলাই আহিল শ শ ৰাইজ