Watch | Husband killed his own wife: পাষণ্ড স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ পত্নীক
নগৰবেৰা: প্ৰথমে প্ৰেম, পিছত বিয়া, শেষত হত্যাকাণ্ড ৷ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এইবাৰ নগৰবেৰাৰ ভখুৰাদিয়াত ৷ পাষণ্ড স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ পত্নীক ৷
নিশাৰ ভাগত সংঘটিত হৈছে এই চাঞ্চল্যৰ ঘটনা ৷
প্ৰায় পাঁচ বছৰ পূৰ্বে প্ৰেমৰ জালত পেলাই ৰাংঙ্গাপানী গাঁৱৰ তাছমিনা বেগমক পলুৱাই নি ভখুৰাদিয়া গাওঁৰ জিন্নত আলী নামৰ যুৱকজনে কৰিছিল বিয়া । বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি বিভিন্ন সময়ত পত্নী তাছমিনক স্বামীৰ লগতে তেওঁৰ পৰিয়ালে কৰি আহিছিল অকথ্য নিৰ্যাতন ৷ যৌতুকক কেন্দ্ৰ কৰিয়েই প্ৰায়ে পতী-পত্নীৰ মাজত চলি আহিছিল পাৰিবাৰিক সংঘাত।
সেই সংঘাতে যোৱা নিশা ললে ভয়ংকৰ ৰূপ ৷ নিচাজাতীয় দ্ৰব্য সেৱন কৰি প্ৰথমে দুয়োৰে মাজত সৃষ্টি হৈছিল ভয়ংকৰ কাজিয়া আৰু মাজনিশা হত্যা কৰি স্বামীৰ লগতে পৰিয়ালৰ লোকে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাই ৷
পুৱতি নিশাৰ ভাগত মৃত মহিলাগৰাকীৰ পিতৃ পৰিয়ালে সমগ্ৰ ঘটনা গম পাই তেওঁলোকে ততাতৈয়াকৈ ভখুৰাদিয়াত আহি উপস্থিত হোৱা পিচত তেওঁলোকক হত্যাকাণ্ড লগত জড়িত থকা লোক সকলে আক্ৰমণৰ চেষ্টা চলাই আৰু পৰিস্থিতিৰ উতপ্ত হৈ পৰে ৷
পাছত ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত টুপামাৰী আৰক্ষী আৰু নগৰবেৰা আৰক্ষীৰ এটা দলে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি চেপাঁ উত্তেজনা বিৰাজ কৰিছে নগৰবেৰাৰ ভখুৰাদিয়া।
হত্যাকাণ্ডৰ ঘটনা খৱৰ পুৱাভাগত বনজুইৰ দৰে বিয়পি পৰাত ভখুৰাদিয়াত সমবেত হয় হাজাৰ হাজাৰ লোক।
শীঘ্ৰে হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত পলাতক পাষণ্ড স্বামী জিন্নত আলী আৰু তেওঁৰ পৰিয়ালৰ লোকক আটক কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে মৃত মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰৰ লগতে ৰাইজে ৷