Dhing murder : স্বামীৰ নৃশংসতাৰ বলি হ’ল ৬মহীয়া গৰ্ভৱতী মহিলা

ধিং, ১৫জুন : নৃশংস ! বৰ্বৰ, এজন মানুহে কেনেকৈ নৃশংসতাৰ চৰম সীমালৈকে যাব পাৰে, সেয়া সকলোৰে বাবে কল্পনাৰো অতীত । কিমান নিষ্ঠুৰ হ’লে এজন মানুহে নিজৰ আপোনজনকো হত্যা কৰিব পাৰে !
শেহতীয়াকৈ ৰাজ্যত সংঘটিত হৈছে বহুকেইটা হত্যাকাণ্ডৰ ঘটনা । হত্যাকাণ্ডৰ এনেবোৰ ঘটনাই ৰাজ্যবাসীক শিহৰিত কৰি ৰখাৰ সময়তে নগাঁৱৰ ধিঙত ঘটিল আন এক নৃশংস হত্যাকাণ্ড । গাৰ নোম শিয়ৰি যোৱা এই হত্যাকাণ্ডই জোকাৰি গৈছে মধ্য অসমৰ লগতে সমগ্ৰ ৰাজ্য ।
দানৱৰবপী স্বামীৰ নৃশংসতাৰ বলি হ’ল ধিঙৰ ভকত গাঁৱৰ ৬মহীয়া এগৰাকী গৰ্ভৱতী মহিলা । পৃথিৱীৰ মুখ দেখিবলৈ নেপাওতে পাষাণ পিতৃৰ চুৰিকাঘাতত প্ৰাণ গ’ল গৰ্ভস্থ সন্তানৰ লগতে মাতৃৰ ৷ চুৰিকাঘাট কৰি পত্নী আৰু গৰ্ভস্থ সন্তানক নিৰ্মমভাৱে হত্যা কৰা এই ঘটনাক লৈ আজিও ম্ৰিয়মান অঞ্চলটোৰ লোকসকল ৷
অভিযোগ অনুসৰি, যৌতুকৰ বাবেই অনন্ত নাথ নামৰ লোকজনে বিভিন্ন সময়ত পত্নীক কৰি আহিছিল অত্যাচাৰ । যৌতুকৰ বাবে চলাই যোৱা এই অত্যাচাৰৰ শেহতীয়া পৰিণতি হিচাপে মঙলবাৰে সন্ধিয়া অনন্তই চুৰিকাঘাট কৰিলে তেওঁৰ ৬মহীয়া গৰ্ভৱতী পত্নীক । ঘটনাটো সংঘটিত কৰিয়েই ঘৰৰ পৰা পলায়ন কৰিছিল অনন্ত নাথে । পৰৱৰ্তী সময়ত পৰিয়ালৰ আনসকল লোকে মহিলাগৰাকীক চিকিৎসালয়লৈ নি ভৰ্তি কৰিছিল যদিও সেইদিনাই নিশা চিকিৎসালয়তে মহিলাগৰাকীয়ে মৃত্যুক সাৱতি লয়(Husband arrested for killing wife) ।
মৃত মহিলাগৰাকীৰ মাতৃৰ অভিযোগ অনুসৰি, বিয়াৰ পিছৰে পৰা যৌতুকৰ বাবে অনন্ত নাথে তেওলোকৰ জীয়াৰীক শাৰিৰীক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল ।
ইফালে হত্যাকাণ্ডৰ এই ঘটনাটোক লৈ মহিলাগৰাকীৰ মাতৃয়ে ধিং আৰক্ষী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । ইয়াৰ মাজতে আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযুক্ত অনন্ত নাথক গ্ৰেপ্তাৰ কৰিছে । কেৱল মাত্ৰ যৌতুকৰ বাবেই এই ভয়াৱহ কাণ্ডটো সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত অনন্ত নাথৰ মুখত দেখা নগ’ল অলপো অনুশোচনা ৷
আৰক্ষী সূত্ৰে জানিব পৰা মতে, ১৩ জুনৰ বিয়লি বজাৰৰ পৰা এখন চুৰি কিনিছিল অনন্ত নাথে । এই চুৰিৰে হত্যাকাণ্ড সংঘটি কৰা বুলি আৰক্ষীৰ আগত বিস্ফোৰক স্বীকাৰোক্তি দিছে হত্যাকাৰীয়ে ৷ ইফালে হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী কৰিছে স্থানীয় লোকসকলে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোক লৈ অনুসন্ধান আৰম্ভ কৰিছে । আৰক্ষীৰ অনুসন্ধানৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ।
লগতে পঢ়ক : Manipur violence : মণিপুৰৰ মহিলা মন্ত্ৰীৰ ঘৰত অগ্নিসংযোগ