Local, Vocal, Global

কলিয়াবৰৰ ৰাজপথত আৱদ্ধ শ শ বাহন

নিউজ ডেস্ক, ২৯ জুন : ৰাজ্যৰ অপৰিৱৰ্তিত বান পৰিস্থিতিৰ মাজতে ৰাজ্যত পুনৰ অঘটন ।

বুধবাৰে হোৱা নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে নগাঁও জিলাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এজোপা গছ উভালি পৰাৰ ফলত ৰাজপথত আৱদ্ধ হৈ পৰিছে বহুলোক।

অসমৰ নগাঁও জিলাৰ কলিয়াবৰৰ বুড়াপাহাৰত সংঘটিত হোৱা খহনীয়াৰ ফলত বৰ্তমানেও বাহনবোৰে দীঘলীয়া শাৰীত চলাচল পুনৰ আৰম্ভ কৰিবলৈ শাৰী পাতি থকা পৰিলক্ষিত হৈছে।

ঘটনাস্থনীত অপেক্ষা কৰি থকা এখন মালবাহী বাহনৰ চালকে কৈছিল, “আমি ৰাতিপুৱাৰে পৰা ইয়াত অপেক্ষা কৰি আছো। আমি এই মুহূৰ্তত আহি দেখিলো যে ৰাস্তাটো বন্ধ কৰি দিয়া হৈছে।”

চালকজনে লগতে কয় “যান-বাহন পাৰ হ’বলৈ পথ টো পৰিষ্কাৰ কৰিবলৈ কৰ্তৃপক্ষ ইয়ালৈ অহাৰ অলপ সময় হ’ব। আমি তেতিয়ালৈকে অপেক্ষা কৰি থাকিব লাগিব,” ।

তেওঁ লগতে কয়, “আমি এই সামগ্ৰীবোৰ সময়মতে বিতৰণ কৰিব লাগিব। যদি অতি সোনকালে ৰাস্তাটো পৰিষ্কাৰ কৰা নহয়, তেন্তে আমি সমস্যাত পৰিম।”

আনহাতে, আজি ৰাতিপুৱা অঞ্চলটোত অব্যাহত থকা বৰষুণৰ পৰিপেক্ষিতত পুনৰুদ্ধাৰৰ কামত বাধা আহি পৰিছে।