Local, Vocal, Global

Watch | Hundred percent pass in Azan Shankar Senior Secondary School: আজান শংকৰ ছিনিয়ৰ চেকেণ্ডাৰী স্কুলত এশ শতাংশ উত্তীৰ্ণ

মৈৰাবাৰী: আজান শংকৰ ছিনিয়ৰ চেকেণ্ডাৰী স্কুলত এশ শতাংশ উত্তীৰ্ণ। উৎফুল্লিত ছাত্ৰ-ছাত্ৰী। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমান্তৰালকৈ উচ্চতৰ মাধ্যমিকতো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আধিপত্য মৈৰাবাৰীত। মৈৰাবাৰীত অৱস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান আজান শংকৰ ছিনিয়ৰ চেকেণ্ডাৰী স্কুলত আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণৰে বিদ্যালয় খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। বিদ্যালয় খনৰ পৰা কলা শাখাত মুঠ ৬১ গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈ ৩০ গৰাকী প্ৰথম বিভাগ,২৮ গৰাকী দ্বিতীয় বিভাগ আৰু ২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

আনহাতে, বিজ্ঞান শাখাত ৪৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰথম বিভাগত ২০ গৰাকী, দ্বিতীয় বিভাগত ২২ গৰাকী, আৰু তৃতীয় বিভাগত ২ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। লগতে তৰ্ক আৰু দর্শন শাস্ত্ৰত সৰ্বাধিক নম্বৰ লাভ কৰে।প্ৰতি বছৰৰ দৰে এই বছৰো শতকৰা উত্তীৰ্ণৰে বিদ্যালয় খনৰ এই সাফল্যত বিদ্যালয় কৰ্তৃপক্ষই সন্তুষ্টি প্ৰকাশ কৰিছে।