Local, Vocal, Global

Human sacrifice of Minor boy in Odisha : ওড়িশাত নাবালক কিশোৰৰ নৰ বলিৰ সন্দেহ, গ্ৰেপ্তাৰ মহিলা বেজসহ ৩ পুত্ৰ

নেশ্যনেল ডেস্ক,৩১ জুলাই : ওড়িশাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Human sacrifice of Minor boy in Odisha) । ৰাজ্যখনৰ আংগুল জিলাত ১৪ বছৰীয়া কিশোৰক হত্যা কৰাৰ অভিযোগত ওড়িশা আৰক্ষীয়ে এগৰাকী পৰম্পৰাগত চিকিৎসক আৰু তেওঁৰ তিনিজন পুত্ৰক গ্ৰেপ্তাৰ কৰিছে ।

পুত্ৰৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ বাবে মাতৃয়ে পৰম্পৰাগত চিকিৎসাৰ বাবে পুত্ৰক এগৰাকী বেজৰ কোঠিলৈ লৈ গৈছিল । পাছত পুত্ৰৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ । নৰ বলিৰ সন্দেহ ৰাইজৰ । মহিলা বেজ আৰু তেওঁৰ ৩ পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (3 sons along with female priest arrested in Odisha)।

১৪ বছৰীয়া কিশোৰক নৰ বলি দিয়াৰ অভিযোগত ওড়িশা আৰক্ষীয়ে ৪ জন লোকক গ্ৰেপ্তাৰ কৰে (Human sacrifice of 14-year-old boy in Odisha) । সোমবাৰে আৰক্ষীয়ে ৰাজ্যখনৰ আংগুল জিলাৰ পৰা অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰে ।

জানিব পৰা মতে আৰক্ষীয়ে কিশোৰজনক হত্যাৰ অভিযোগত এগৰাকী পৰম্পৰাগত বেজ আৰু তেওঁৰ ৩ পুত্ৰক গ্ৰেপ্তাৰ কৰে । নিহত কিশোৰজন হৈছে সঞ্চিত বিছৱাল । জিলাখনৰ কিয়াকাটা আৰক্ষী থানাৰ অন্তৰ্গত সুবৰ্ণপুৰ গাঁৱত ঘৰ আছিল কিশোৰজনৰ । ধৃত লোকসকল মহিলা বেজ ৰিতাঞ্জলি বাগ আৰু তেওঁৰ ৩ পুত্ৰ ক্ৰমে দিব্যাৰঞ্জন, সৌম্যৰঞ্জন আৰু জ্যোতিৰঞ্জন বুলি জানিব পৰা গৈছে ।

স্থানীয় লোকসকলৰ মতে সঞ্চিতৰ স্বাস্থ্যৰ অৱস্থা ভাল নাছিল । সেয়ে মাতৃ বাসন্তীয়ে তেওঁক ২২ জুলাইত ৰিতাঞ্জলি বাগৰ দ্বাৰা পৰিচালিত দেৱী মংগলাৰ এক বিশেষ উপাসনা স্থলী মংগলা কোঠিলৈ লৈ গৈছিল । নিশা সঞ্চিত আৰু তেওঁৰ মাতৃ কোঠিৰ পৃথক কোঠাত আছিল । পিছদিনা পুৱা সঞ্চিত সন্ধানহীন হৈ পৰিছিল । পৰিয়ালৰ লোকসকলে তেওঁক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছিল ।

মাতৃ বাসন্তীয়ে কিয়াকাটা আৰক্ষী থানাত এই সন্দৰ্ভত এটা নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে । কিন্তু ২৮ জুলাইত বাৰুনী বনাঞ্চলত সঞ্চিতৰ ক্ষত বিক্ষত মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় । লগে লগে অঞ্চলটোত তীব্ৰ চাঞ্জল্যৰ সৃষ্টি হয় । আনকি আৰক্ষীৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদো আৰম্ভ কৰে । প্ৰতিবাদৰ অংশস্বৰূপে প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে ।

আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে আৰু মংগলা কোঠি বন্ধ কৰি দিয়ে । আৰক্ষীয়ে জনোৱা অনুসৰি ইতিমধ্যে হত্যাকাণ্ডৰ মূল অভিযুক্ত মহিলা বেজ আৰু তেওঁৰ ৩ পুত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে । ধৃত লোকসকলে এই অপৰাধৰ কথা আংশিকভাৱে স্বীকাৰ কৰিছে ।

অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু ফৰেন্সিক পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে আৰক্ষীয়ে অপেক্ষা কৰি আছে । আৰক্ষীয়ে জনোৱা মতে গোচৰটোৰ অধিক তদন্তৰ বাবে অভিযুক্তসকলক আৰক্ষীয়ে জিম্মাত ৰাখিছে । বহুতে ইয়াক নৰবলি বুলি সন্দেহ কৰিছে যদিও সেয়া আৰক্ষীয়ে স্পষ্ট কৰা নাই ।

আংগুলৰ আৰক্ষী অধীক্ষক সুধনছু ছেখৰ মিশ্ৰই এইদৰে কয় যে আমি এই গোচৰত মহিলাগৰাকী আৰু তেওঁৰ তিনিজন পুত্ৰক গ্ৰেপ্তাৰ কৰিছো । ধৃত ব্যক্তিসকলে এই অপৰাধ আংশিকভাৱে স্বীকাৰ কৰিছে । আমি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু বৈজ্ঞানিক পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছো।’ হত্যাকাণ্ডৰ গোচৰৰ অধিক তদন্তৰ বাবে আৰক্ষীয়ে অভিযুক্তৰ ৰিমাণ্ড বিচাৰিব বুলিও তেওঁ কয়।

লগতে পঢ়ক : Firing in Jaipur Express: জয়পুৰ এক্সপ্ৰেছত RPF জোৱানৰ গুলীচালনা, আৰক্ষীৰ জিম্মাত RPF জোৱানজন