Local, Vocal, Global

Huge weapons and Explosives Recovered :মণিপুৰত জব্দ বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ

নিউজ ডেস্ক, ১০ মাৰ্চ : পুনৰ চুবুৰীয়া ৰাজ্য মণিপুৰত জব্দ বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ(Huge weapons and Explosives Recovered) ।

অব্য়হত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান ।

শনিবাৰে গোপন তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে চূৰাচান্দপুৰ আৰু কাঙপোকপি জিলাৰ বিভিন্ন স্থানত চলাই । অভিযানত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে(Huge weapons and Explosives Recovered in Manipur)।

জানিব পৰা মতে, কাঙপোকপি জিলাত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই মেগজিনসহ আমেৰিকাত নিৰ্মিত এটা এম ১৬ ৰাইফল, এটা ১২ ব’ৰ বেৰেল গান, এটা হেণ্ড গ্ৰেণেড, ১২ ব’ৰ বেৰেল গানৰ ৩৩ টা সতেজ কাৰ্টিজ, ৬টা ৫.৫৬ এম এমৰ গুলিসহ যথেষ্ট বাৰুদ জব্দ কৰে।

ইফালে, চূৰাচান্দপুৰ জিলাত চলোৱা আন এক অভিযানত ১১টা এছ বি বি এল বন্দুক, মেগজিনসহ এটা ৯এম এম পিস্তল, ৩ টা ইম্প্ৰোভাইজড হেভি মৰ্টাৰ গান, ৪টা শক্তিশালী বোমা আৰু,৭.৬২ এম এমৰ ১৭ টা সতেজ গুলি উদ্ধাৰ কৰে।

লগতে পঢ়ক : Terrible Road Accident in Hajo : বলেৰ’ পিক-আপ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ;নিহত এজন, আহত ১০ জন