Local, Vocal, Global

Huge tree falls on school bus in storm rain at Dhekiajuli : চলন্ত স্কুল বাছৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ; আহত ছাত্ৰ-ছাত্ৰী

নিউজ ডেস্ক,২৮মে’ : গাৰ নোম শিয়ৰি উঠা দৃশ্য৷ চলন্ত স্কুল বাছৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ ৷ গছ বাগৰাৰ ফলত আহত ৭ গৰাকী ছাত্ৰ-ছাত্ৰী৷ ঢেকিয়াজুলিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো(Huge tree falls on school bus in storm rain at Dhekiajuli)।

খবৰ অনুসৰি, ৰাজ্যজুৰি ধুমুহা-বৰষুণৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে ঢেকিয়াজুলিত স্কুল বাছৰ ওপৰত বাগৰি পৰিল এডাল প্ৰকাণ্ড গছ। গছ বাগৰি পৰাত বিধ্বস্ত হৈছে স্কুল বাছখন। বাছখনত থকা কেইগৰাকী ছাত্ৰ- ছাত্ৰী আহত হয় । ঢেকিয়াজুলিৰ চেন্ট উৰচলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত এই ঘটনা হৈছে। বাছখনত এইখন বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰী আছিল। আহত ছাত্ৰ-ছাত্ৰীকেইজনক ঢেকিয়াজুলি মনবৰ নাথ সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Biker Injured as Giant Tree Collapses : চলন্ত বাইকৰ ওপৰত পৰিল প্রকাণ্ড গছ;আহত বাই আৰোহী