Local, Vocal, Global

Huge quantity of narcotics seized in Gogamukh : গোগামুখত বিলাসী বাহনত জব্দ বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য

নিউজ ডেস্ক,২৪ছেপ্তেম্বৰ : সোমবাৰে নিশা গোগামুখ আৰক্ষীৰ জালত পৰে নিষিদ্ধ আৰু মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ গোপন বেহা চলাই থকা বাহন । এক গোপন সূত্ৰৰ পম খেদি গোগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলে আৰু গেৰুকামুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় ৰবি দাসে চলোৱা যৌথ অভিযান চলাই । অভিযানত ভাং ভৰ্তি এখন বাহন জব্দ কৰে ।

ঘটনাৰ বিবৰণী অনুসৰি জব্দকৃত ভাং পৰিবাহী বাহনে পূৰ্বৰ দৰে ভাং সৰবৰাহ কৰি থকাৰ খবৰ বিশেষ সূত্ৰে লাভ কৰিছিল বগীনদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডান্টেজিৎ দেউৰীয়ে ।

বিশেষ সূত্ৰৰ তথ্য অনুসৰি, লখিমপুৰ দিশৰ পৰা সোমবাৰে সন্ধিয়া প্ৰায় প্ৰায় ৬ -২০ বজাত ঘিলামৰা অভিমুখে আহি থকা বাহনখনৰ সন্ধানত বগীনদী আৰক্ষীয়ে থানাৰ সন্মুখত নাকা তালাচী লগোৱাৰ সময়তে বিপদৰ উমান পাই সৰবৰাহকাৰীটোৱে বগীনদী দলং পোৱাৰ আগতে গাড়ী ৰাখি পৰিস্থিতি অধ্যয়ন কৰিবলৈ এটা চিগাৰেট হুপি কিছুসময় অপেক্ষা কৰে(Huge quantity of narcotics seized in Gogamukh)।

পৰৱৰ্তী সময়ত তীব্ৰ বেগত গৈ গাড়ীখনে আৰক্ষীৰ তালাচী বেহু ভাঙি পলায়ন কৰে । তীব্ৰ বেগত গোগামুখ অভিমুখে যোৱা গাড়ীখনৰ সন্মুখ অংশ চেক পোষ্টত খুন্দিয়াই যোৱাৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ স্বত্বেও চালকজনে মুখ্য পথ এৰি দুলুং ফৰেষ্টৰ ভিতৰেদি গোপন পথেৰে গেৰুকামুখ দিশে ৰাওনা হয় ।

এই সন্দৰ্ভত গোগামুখ আৰক্ষীয়ে খবৰ লাভ কৰি গেৰুকামুখ আৰক্ষীৰ সহযোগত চলোৱা তালাচীকালত গাড়ীখন গেৰুকামুখ বনভোজথলীৰ এক অংশত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে । গাড়ীখন লক কৰি এৰি চালক তথা চোৰাং বেপাৰীটো পলায়ন কৰে ।

গোগামুখ আৰক্ষী থানাৰ অ’ চি পেগুৱে পৰিত্যক্ত গাড়ীখনৰ ভিতৰত পলিথিনেৰে মেৰিয়াই থোৱা আপত্তিজনক সন্দেহযুক্ত সামগ্ৰী বাহিৰৰ পৰা প্ৰত্যক্ষ কৰি মেকানিকৰ জৰিয়তে ৰাইজৰ উপস্থিতিত গাড়ীখন খোলাৰ পাছত উদ্ধাৰ হয় ৯ পেকেট নিষিদ্ধ ভাং । অ’ চি দলেয়ে জনোৱা মতে জব্দকৃত ভাঙখিনিৰ ওজন প্ৰায় ৪৫ কেজি । বজাৰ মূল্য প্ৰায় ৪ লাখ টকা ।

গোগামুখ আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।গোগামুখ আৰক্ষীয়ে সন্দেহ কৰা মতে গাড়ীখনৰ চালক হিচাপে আছিল গাড়ীখনৰ স্বত্বাধিকাৰী দীপ্তি শইকীয়াৰ পুত্ৰ বিনয় শইকীয়া।

লগতে পঢ়ক :Tragic incident in Bijni : ফেঞ্চিবাজৰ মৰা মানাহ নৈত গা ধুবলৈ গৈ মৃত্যু ছাত্ৰীৰ