Local, Vocal, Global

Huge quantity of heroin seized in Meghalaya : মেঘালয়ত নৈশ বাছৰ পৰা জব্দ ৪৫৮ গ্ৰাম হেৰ’ইন

নিউজ ডেস্ক,২৮মে’ : চুবুৰীয়া ৰাজ্য মেঘালয়ত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।

অভিযানত মেঘালয় আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ হেৰ’ইন । শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছত তালাচী চলাই ইষ্ট জয়ন্তীয়া হিলচ জিলাৰ আৰক্ষীয়ে জব্দ কৰে ৪৫৮ গ্ৰাম হেৰ’ইন(Huge quantity of heroin seized in Meghalaya) ।

জানিব পৰা মতে, লঙমছুং থানাৰ আৰক্ষীয়ে নৈশ বাছখনত তালাচী চলাই হেৰ’ইন ভৰ্তি ৪২ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে। বাকচ কেইটাৰ পৰা জব্দ কৰা হয় ৪৫৮ গ্ৰাম হেৰ’ইন। হেৰ’ইন সৰবৰাহৰ অভিযোগত বাছখনৰ যাত্ৰী আব্দুল কুদ্দুছ লস্কৰক গ্ৰেপ্তাৰ কৰা হয়।

ধৃত আব্দুলৰ ঘৰ কাছাৰ জিলাৰ সোণাই হাতিৰহাৰৰ ছিংগেৰবন্দত। আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰী আব্দুল কুদ্দুছ লস্কৰৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত লুমছুঙ থানাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।

লগতে পঢ়ক : Cyclone Remal lumding : লামডিঙত প্ৰচণ্ড ধুমুহা-বৰষুণৰ মাজতে ভয়ংকৰ ঘটনা