Local, Vocal, Global

CRPF Seize Huge Cache Of Explosives : কাছাৰ জিলাত অসম আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযান

নিউজ ডেস্ক, ১৩ নৱেম্বৰ : সোমবাৰে কাছাৰ জিলাত অসম আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযান(CRPF Seize Huge Cache Of Explosives) । অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী লগতে আটক এজন ব্যক্তিক(CRPF Seize Huge Cache Of Explosives In Cachar)।

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমল মহত্তই জনোৱা মতে, গোপন তথ্যৰ ভিত্তিত কাছাৰত অসম আৰক্ষী আৰু ১৪৭ বি এন চি আৰ পি এফৰ এটা দলে কালাইন থানাৰ অন্তৰ্গত শিলচৰ কালাইন পথত যৌথ অভিযান চলাই ।

অভিযানত নিৰাপত্তাৰক্ষীয়ে এজন ব্যক্তিক আটক কৰে লগতে আটকাধীন ব্যক্তিজনৰ পৰা এটা বেগ জব্দ কৰে । জব্দকৃত বেগটোৰ পৰা ৯৭টা ডিটনেটৰ আৰু ৯৬টা ফিউজ উদ্ধাৰ কৰে(Huge quantity of explosives including detonators and fuses recovered in Silchar, one held)।

জানিব পৰা মতে, আটকাধীন ব্যক্তিজন কাছাৰ জিলাৰ কালাইন থানাৰ অন্তৰ্গত সুন্দৰা গাঁৱৰ নাজিম উদ্দিন (২২ বছৰীয়া) বুলি চিনাক্ত কৰা হৈছে (CRPF, Assam Police recover huge cache of explosives in Cachar, one arrested)।

লগতে পঢ়ক : 15 Kg Meth Worth Rs 45 Crore Seized : চুবুৰীয়া ৰাজ্য মিজোৰামত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ