Local, Vocal, Global

Huge quantity of drugs seized in Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : পুনৰ চুবুৰীয়া ৰাজ্য় মণিপুৰত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত ড্ৰাগছ বিৰুদ্ধে আৰক্ষীৰ অভিযান(Huge quantity of drugs seized in Manipur) ।

শনিবাৰে এক গোপন সূত্ৰৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে ম্যানমাৰ সীমান্তৰ মোৰেত অভিযান চলাই । অভিযানত নিৰাপত্তা বাহিনীয়ে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ ।

জানিব পৰা মতে,নিৰাপত্তা বাহিনীয়ে টেংগুপাল জিলাৰ দুজন ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত অভিযান চলাই। অভিযানত জব্দ কৰা হয় কেবা কোটি মূল্যৰ ড্ৰাগছ। নিৰাপত্তা বাহিনীৰ অভিযানত ৩০ কেজি WY টেবলেট, ৭৯৭০ টা আলপ্ৰাজ’লাম টেবলেট, ৩৮৬ গ্ৰাম হেৰ’ইন পাউদাৰ, কেফেইন ৫.২৬৬ কেজি, কেফেইন (স্ফটিক) – ২.৪৭১ কেজি, গোল্ড ডাষ্ট ৮.২৯৯ কেজি আৰু বিভিন্ন ধৰণৰ ১০ টা ৰবৰ ষ্টাম্প জব্দ কৰে(Huge quantity of Narcotics seized in Manipur)।

নিষিদ্ধ এই সামগ্ৰীসমূহ মজুত কৰি ৰখাৰ অভিযোগত আৰক্ষীয়ে ৰফিক কুট্টি আৰু জিনাত নামৰ দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক : Golap Tayeng went missing while working abroad : বহিঃৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন চিলাপথাৰৰ গোলাপ টায়েং