Huge quantity of drugs and intoxicating tablets seized : অসম-নাগালেণ্ড সীমান্তত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী;আটক দুজন

নিউজ ডেস্ক,২০আগষ্ট : যোৰহাট জিলাৰ অসম-নাগালেণ্ড সীমান্তত অসম আৰক্ষীৰ সফল অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট । আটক দুই সৰবৰাহকাৰী।
অসম-নাগালেণ্ড সীমান্তৱৰ্তী তিতাবৰ ফুলবাৰীৰ পৰা প্ৰায় ১.৫০ কোটি টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ।
জানিব পৰা মতে, যোৰহাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কৌশিক কলিতাৰ নেতৃত্বত চলোৱা অভিযানত আৰক্ষীৰ দলটোৱে ফুলবাৰীৰ বজাৰৰ সমীপৰ এটা স্থানৰ পৰা এই ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় । চাবোনৰ বাকচ আৰু পলিথিনৰ বেগত লুকুৱাই থোৱা অৱস্থাত ড্ৰাগছ আৰু প্ৰায় ৫৯৯ টা নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে(Huge quantity of drugs and intoxicating tablets seized) ।
এই ঘটনাত জড়িত নাগালেণ্ডৰ নিউচুৰি বস্তিৰ চুম্বেম আৰু আকাহটো বস্তিৰ খেট’বি নামৰ দুজন নগা লোককো আৰক্ষীয়ে আটক কৰিছে । ইতিমধ্যে দুই সৰবৰাহকাৰীক আৰক্ষীয়ে থানাত জেৰা অব্যাহত ৰাখিছে।
লগতে পঢ়ক : Man allegedly kills wife : ঘৰুৱা কন্দলৰ ভয়ংকৰ পৰিণতি;কাঠৰ লাখুটিৰে মৰিয়াই মৰিয়াই হত্যা পত্নীক