Huge Python Recoverd in Kamrup : আজগৰ মাষ্টৰৰ ঘৰত ওলাইছে এডাল প্ৰকাণ্ড অজগৰ

নিউজ ডেস্ক, ২৮ জুন : বুধবাৰে পুৱাই দক্ষিণ কামৰূপৰ টপাৰপথাৰ গাঁৱত লাগিল হুলস্থূল(Huge Python Recoverd in Kamrup)। বোলে আজগৰ মাষ্টৰৰ ঘৰত ওলাইছে এডাল প্ৰকাণ্ড অজগৰ। কোনোৱে আধা মুখ ধুৱাকৈয়ে কলৰ পাৰৰ পৰা পোনে পোনে লৰ মাৰিচে মাষ্টৰৰ ঘৰলৈ(Huge Python Recoverd in Kamrup)। খন্তেকৰ ভিতৰতে শিক্ষক আজগৰ আলী আহমেদৰ ঘৰৰ চৌপাশ ভৰি পৰিলে অসংখ্য লোকেৰে । সকলোৱে অতি কৌতুহলেৰে দৃষ্টি নিক্ষেপ কৰিছে মাষ্টৰৰ ঘৰৰ চৌহদৰ এডাল গছলৈ। তাতে আছে বিয়াগোম অজগৰ ডাল।
। খন্তেকৰ ভিতৰতে শিক্ষক আজগৰ আলী আহমেদৰ ঘৰৰ চৌপাশ ভৰি পৰিলে অসংখ্য লোকেৰে । সকলোৱে অতি কৌতুহলেৰে দৃষ্টি নিক্ষেপ কৰিছে মাষ্টৰৰ ঘৰৰ চৌহদৰ এডাল গছলৈ। তাতে আছে বিয়াগোম অজগৰ ডাল।
। খন্তেকৰ ভিতৰতে শিক্ষক আজগৰ আলী আহমেদৰ ঘৰৰ চৌপাশ ভৰি পৰিলে অসংখ্য লোকেৰে । সকলোৱে অতি কৌতুহলেৰে দৃষ্টি নিক্ষেপ কৰিছে মাষ্টৰৰ ঘৰৰ চৌহদৰ এডাল গছলৈ। তাতে আছে বিয়াগোম অজগৰ ডাল।
প্ৰথমে সাপডাল প্ৰত্যক্ষ কৰিলে আজগৰ মাষ্টৰৰ পুত্ৰই। এই কথা অৱগত হৈ আজগৰ আলী আহমেদে ততাতয়াকৈ খৱৰ দিলে বন বিভাগক। এই খৱৰটোক লৈ স্থানীয় বন বিভাগে কোনো সহাৰি নিদিয়াত সহায় বিচাৰিলে স্থানীয় আৰক্ষীৰ।
অৱশেষত স্থানীয় লোকৰ সহযোগত জোৰশিমুলী আৰক্ষীয়ে অজগৰ ডালক উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায়। ইফালে এই সময় চোৱাত অজগৰ ডালক চাৱ বাবে স্থানীয় ৰাইজে কৰিলে হেতাওপৰা।
উল্লেখ্য যে ৰাজ্যত এতিয়া গৰমৰ প্ৰকোপ । সেয়েহে এই সময়চোৱাত যেনিয়ে তেনিয়ে ওলাইছে অজগৰ । কাৰোবাৰ যদি ঘৰৰ চৌহদত, আন কাৰোবাৰ আকৌ বাৰীৰ চুকত ওলাইছে অজগৰ ।উল্লেখ্য যে, সমগ্ৰ এছিয়া মহাদেশৰ স্থানীয় সাপবোৰৰ ভিতৰত আটাইতকৈ বৃহৎ প্ৰজাতিৰ সাপ হৈছে অজগৰ ৷ সুমাত্ৰাত পোৱা প্ৰায়ভাগ অজগৰ সাপৰেই দেহৰ দৈৰ্ঘ্য ১.৫ মিটাৰৰ পৰা ৬.৫ মিটাৰ পৰ্যন্ত আৰু ওজন ৭৫ কিলোগ্ৰাম পৰ্যন্ত হয় ।
লগতে পঢ়ক : Life time imprisonment : বিলাসীপাৰা মহকুমা আদালতত ঐতিহাসিক ৰায়দান