Local, Vocal, Global

Liquor smuggling to Nagaland: জব্দ লক্ষাধিক টকাৰ অবৈধ সুৰা ভৰ্তি বলেৰ’ পিক আপ বাহন

যোৰহাট, ১৫জুলাই: ৰাজ্যত বৰ্তমানেও অব্যাহত আছে নিচা জাতীয় সামগ্ৰীৰ সৰবৰাহ । ৰাজ্যৰ শাসনলৈ আহিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Liquor smuggling to Nagaland) ৷

এতিয়াও ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ। পিছে হাত সাৱটি বহি থকা নাই অসম আৰক্ষীও ৷ দিনে নিশাই চলাই আছে অভিযান। দৈনিক অভিযান চলাই আৰক্ষীয়ে জালত পেলাইছে সৰবৰাহকাৰীৰ ৷ আৰক্ষীৰ অভিযান কালত ৰাজ‍্যৰ বিভিন্ন স্থানত প্ৰায় নিতৌ জব্দ হৈ আছে নিচাজাতীয় সামগ্ৰী । আটক হৈছে সৰবৰাহকাৰী । সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে এই সমূহ ঘটনাই। নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ উপৰিও ৰাজ্যত নকল সোণ আৰু নকল টকাৰ ৰমৰমীয়া বেহা চলাই আছে একাংশ দুষ্ট চক্ৰই।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছত স্পষ্ট কৰি দিছিল যে তেওঁৰ চৰকাৰে ৰাজ্যৰ যুৱক-যুৱতীসকলক সকলো ধৰণৰ ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিব। কিন্তু তাৰ মাজতে চলি আছে ড্ৰাগছৰ সৰবৰাহ ৰমৰমীয়া ব্যৱসায়। ইয়াৰ লগতে সমান্তৰালকৈ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে ।

এইবাৰ নাগালেণ্ডলৈ লৈ গৈ থকাত জব্দ সুৰা । শণিবাৰে পুৱতি নিশা মৰিয়নী নিউ সোণোৱাল সেউজী গাঁৱত জব্দ কৰে অবৈধভাৱে সৰবৰাহ হৈ থকা সুৰা (Liquor smuggling to Nagaland)। জানিব পৰা মতে, সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডলৈ অসমৰ পৰা অবৈধভাৱে সৰবৰাহ হৈ থাকে সুৰা । একাংশ বিভাগীয় বিষয়াক মেনেজ কৰি এটা দুষ্ট চক্ৰই মৰিয়নীৰ পৰা নাগালেণ্ড লৈ সুৰা সৰবৰাহ কৰি থাকে আৰু বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছে চক্ৰটোৱে লগতে বৃহৎ পৰিমাণৰ ৰাজহ ফাঁকি দি আহিছে (Huge of Illegal Liquor Seized in Mariani) ।

প্ৰাপ্ত তথ্য অনুসৰি, শণিবাৰে পুৱতি নিশা মৰিয়নী নিউ সোণোৱাল সেউজী গাঁৱত আৰক্ষীয়ে অভিযান চলাই আৰু এই অভিযানত এখন বলেৰ’ পিক আপ বাহনত কেইবা লক্ষাধিক টকাৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। মৰিয়নীৰ পৰা নাগালেণ্ডলৈ চোৰাংভাৱে লৈ গৈ আছিল সুৰাখিনি । সুৰাসহ জব্দ কৰা পিক আপ ভানখনৰ নম্বৰ NL 02 Q 2633 বুলি জানিব পৰা গৈছে । জব্দকৃত বাহনখন যোৰহাট জিলাৰ ভোগদৈ মুখৰ শ্যাম কুমাৰ সাহাৰ বুলি জানিবলৈ পৰা গৈছে । কিন্তু ঘটনা সন্দৰ্ভত মৰিয়নী আৰক্ষীয়ে এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্তক(Huge of Illegal Liquor Seized in Mariani) ।

উল্লেখ যোগ্য যে, মৰিয়নী আবকাৰী বিভাগ থকাৰ পাছটো কেনেকৈ একাংশ দুষ্ট চক্ৰই চলাই আছে অবৈধ কাৰ্য । বৰ্তমান কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ লগতে মেনেজ মাষ্টাৰ ৰূপত আৱিৰ্ভাৱ ঘটাৰ অভিযোগ উথাপিত হৈছে বিভাগটো ওপৰত।

লগতে পঢ়ক : Blackspots identified in Kachar : কাছাৰত চিনাক্ত ১০টা ব্লেক স্পট, স্থাপন কৰা হ’ব ৰাম্বল ষ্ট্ৰীপ