Bullets seized at Rangia : ৰঙিয়া ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গুলী

ৰঙিয়া, ৮জুলাই : ৰাজ্যত অব্যাহত আছে অবৈধ সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও একাংশ দুষ্টচক্ৰই ব্যৱসায় অব্যাহত ৰাখিছে দুষ্টকাৰ্যৰ । ৰাজ্যত আৰক্ষী যিমানে সষ্টম হৈছে সিমানে বৃদ্ধি হৈ আছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা। দৈনিক ৰাজ্যত ড্ৰাগছ, অপহৰণ ,হত্যাকাণ্ডৰ দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। প্ৰায় প্ৰতিদিনে হত্যাকাণ্ডৰ দৰে ঘটনাই বাতৰি শিৰোনাম দখল কৰা দেখা যায় ।
ৰাজ্যত অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে ৰাজ্যত চলি আছে অবৈধ সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে।অপৰাধৰ কেন্দ্ৰস্থলীত যেন পৰিণত হৈছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে ।অবৈধ সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত ৰে’ল যেন সুৰক্ষিত মাধ্যম ।
এইবাৰ ৰে’লত উদ্ধাৰ সক্ৰিয় গুলী (Bullets seized)। ৰঙিয়া ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সক্ৰিয় গুলী । নামনিমুৱা অৱধ আচাম এক্সপ্ৰেছৰ পৰা জিআৰপিএফৰ তহলদাৰী দলে জব্দ কৰিলে এই গুলীখিনি(GRPF team seized bullets)।
জানিব পৰা মতে, এজন যাত্ৰীৰ পৰা জিআৰপিএফৰ দলটোৱে এছ এল আৰৰ ৬০০ জাই সজীৱ গুলীখিনি উদ্ধাৰ কৰে। বুজন পৰিমাণৰ গুলী সৰবৰাহত জড়িত থকাৰ অভিযোগত গুলী সৰবৰাহকাৰী জিআৰপিএফে গ্ৰেপ্তাৰ কৰে(Huge cache of live bullets seized at Rangia station)।
উল্লখ্য যে, ডিমাপুৰৰ পৰা বিহাৰলৈ অবৈধভাৱে সৰবৰাহৰ সময়তে জব্দ কৰে এই গুলীখিনি। ৰঙিয়া ষ্টেচনৰ পৰা গুলীসহ আটক কৰা সৰবৰাহকাৰীজন কৈলাশ শৰ্মা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি ধৃত সৰবৰাহকাৰীজন বিহাৰৰ খগাৰীয়া জিলাৰ আৰু জব্দকৃত গুলীখিনি ডিমাপুৰৰ পৰা বিহাৰলৈ লৈ গৈ আছিল । নাগালেণ্ডৰ চোৰাং বজাৰৰ পৰা ক্ৰয় কৰি অহা এই গুলীখিনি ৰে’লৰ চিটৰ তলত এটা নীলা ৰঙৰ বেগত আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ডিমাপুৰৰ পৰা বিহাৰৰ কাটিহাৰ জিলালৈ সৰবৰাহৰ সময়তে ৰঙিয়া ৰেল ষ্টেচনত ৰেল আৰক্ষীয়ে শুকুৰবাৰে নিশা ১১ বজাত তালাচীৰ সময়ত জব্দ কৰে গুলিখিনি( One held with live ammunition at Rangia railway station) ।
সৰবৰাহকাৰী কৈলাশ শৰ্মা বৰ্তমা ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Road accident in Sonitpur : জামুগুৰিহাটত শোকাৱহ দুৰ্ঘটনাত নিহত এজন