Huge cache of arms, Explosives seized in Manipur:হিংসাজৰ্জৰ মণিপুৰত জব্দ বুজণ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিষ্ফোৰক সামগ্ৰী

নিউজ ডেস্ক,১জানুৱাৰী : পুনৰ হিংসাজৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অসম ৰাইফলছৰ অভিযান। চাণ্ডেল জিলাৰ দুটা পৃথক স্থানত অভিযান অসম ৰাইফলছৰ।অভিযানত বুজণ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিষ্ফোৰক সামগ্ৰী জব্দ(Huge cache of arms, Explosives seized in Manipur)।
অভিযানত মেগজিনসহ আমেৰিকাত নিৰ্মিত এটা এম চিক্সটিন ৰাইফল জব্দ কৰিছে। একেদৰে স্থানীয়ভাৱে নিৰ্মিত ৩টা লাথোড বন্দুক, ১টা এ কে ৫৬ ৰাইফল, ৩ টা মেগজিনৰ সৈতে ১টা চীনত নিৰ্মিত এছাল্ট ৰাইফল, বুজণ পৰিমাণৰ আই ই ডি, লাথড বোমা আৰু ৫.৫৬ এম এম পিস্তলৰ বহু গুলি জব্দ কৰিছে।
লগতে সন্ত্ৰাসবাদী গোটৰ দুজন সদস্যক আটক কৰে অসম ৰাইফলছে।
আৰক্ষীয়ে জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু আটক কৰা ব্যক্তিক অধিক তদন্তৰ বাবে স্থানীয় আৰক্ষী থানাত চমজাই দিয়া বুলি জনায়।
লগতে পঢ়ক :Good news for state employees:নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যিক কৰ্মচাৰীৰ বাবে ভাল খবৰ