Arms seized in Manipur : পুনৰ চুবুৰীয়া ৰাজ্য মণিপুৰত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী
নেশ্যনেল ডেস্ক, ২২ নৱেম্বৰ : পুনৰ চুবুৰীয়া ৰাজ্য মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ। মণিপুৰত আৰক্ষী আৰু সেনাৰ সফল অভিযান । অভিযানত জব্দ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু বিস্ফোৰক সামগ্ৰী (Arms seized in Manipur) ।
অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত মাৰণাস্ত্ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । উত্তৰ-পূব ৰাজ্য মণিপুৰত আৰক্ষী আৰু সেনাই যৌথ অভিযান চলাই । যৌথ অভিযানত বুজন পৰিমাণৰ যুদ্ধসদৃশ সামগ্ৰীৰ লগতে লগতে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰে(Large cache of arms, ammo and explosives recovered in Imphal east)।
উল্লেখ্য যে,মঙলবাৰে চুবুৰীয়া ৰাজ্য মণিপুৰৰ ইম্ফল-পূব, থৌবাল, কাকচিং আৰু কাংপোকপি জিলাৰ বিভিন্ন প্ৰান্তৰ দুৰ্গম অঞ্চলত সেনা আৰু আৰক্ষী যৌথ অভিযান চলাই । অভিযানত উদ্ধাৰ কৰা হয় বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী(Police recover bag of arms, ammunition and explosives)।
মঙলবাৰে সেনা-আৰক্ষীৰ যৌথ অভিযানত উক্ত অঞ্চলসমূহৰ পৰা উদ্ধাৰ কৰা হয় সামগ্ৰীখিনি। নিৰাপত্তা বাহিনীৰ দ্বাৰা চলোৱা অনুসন্ধান কালত এইসমূহ আপত্তিজনক সামগ্ৰী আৰু বিস্ফোৰক উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি জব্দকৃত সামগ্ৰীসমূহ হৈছে- দুটা আই .৩০৩ বন্দুক, দেশনিৰ্মিত ৰাইফল, ১৪টা গোলা বাৰুদ, সজীৱ গুলী , ৯এম এম পিষ্টল,হস্তনিৰ্মিত গ্ৰেণেড,মিনি ফ্লেয়াৰ বন্দুক আদি।
প্ৰাপ্ত তথ্য অনিসৰি, ইম্ফল পূৱ জিলা আৰক্ষী, ১/৩ জি আৰ, আৰু ২৯ বি এন বি এছ এফ বি-কয়ৰ সংযুক্ত দলে ইম্ফল পূৱ জিলাৰ থৌবাল বান্ধ আৰক্ষী থানাৰ অন্তৰ্গত মইৰাংপুৰাল খুনৌ লেইকাই অঞ্চল আৰু ইয়াৰ আশে-পাশে এক তালাচী অভিযান চলাই য’ত ৩৫টা ঘৰত তালাচী চলায় আৰু তাত বাস কৰা লোকক তালাচী চলোৱা হয়(Huge cache of arms and ammunition during search operation in vulnerable areas of Imphal East district) ।
লগতে পঢ়ক : Death Anniversary of Legendary Actor Biju Phukan : আজি বিশিষ্ট অভিনেতা বিজু ফুকনৰ ষষ্ঠতম মৃত্যু বাৰ্ষিকী