Local, Vocal, Global

Huge cache of Arms and ammo Recovered in joint operation : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ

নিউজ ডেস্ক, ২৯ জানুৱাৰী : পুনৰ চুবুৰীয়া ৰাজ্য মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ । মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযানত জব্দ মাৰণাস্ত্ৰ(Huge cache of Arms and ammo Recovered in joint operation) ।

অব্যহত আছে চুবুৰীয়া ৰাজ্য মনিপুৰত মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান ।

ইয়াৰ সমান্তৰালকৈ দেওবাৰে ইম্ফল পশ্চিম জিলাৰ অন্তৰ্গত লিলং আটৌখং এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে আৰু জব্দ কৰে বুজন পৰিমাণৰ অস্ত্ৰশস্ত্ৰ ।

মণিপুৰ আৰক্ষীৰ এক সুত্ৰই সদৰি কৰা অনুসৰি, ঐনাম চাবোম বুমত অভিযান চলাই জব্দ কৰা হয় এই মাৰণাস্ত্ৰ সমূহ। নিৰাপত্তা বাহিনীৰ অভিযান কালত – এটা ৫১ এম এম মৰ্টাৰ ছেল,মেগজিন সহ এটা ৯ এম এম পিষ্টল, ১২টা ৯ এম এম পিষ্টলৰ সজীৱ গুলি, ৫১ এম এম ৰ তিনিটা হেণ্ড গ্ৰেনেড,জব্দ কৰাৰ লগতে ২ ইঞ্চি দৈৰ্ঘৰ পাঁচটা আৰু ৮১ এম এম দৈৰ্ঘৰ পাঁচটা মৰ্টাৰ ছেলো জব্দ কৰে(Joint operation in Manipur results in recovery of arms and ammunition)।

আনহাতে, অশান্ত জৰ্জৰ এলেকাৰে অত্যাৱশ্যকীয় সামগ্ৰী সহ ২১২ খন বাহন ৰাষ্ট্ৰীয় ঘাই পথেৰে পাৰ কৰোৱা হৈছে। স্পৰ্শকাতৰ প্ৰতিটো স্থানতে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰি বাহন সমূহৰ নিৰাপদ চলাচল নিশ্চিত কৰাৰ বিপৰীতে এই অঞ্চলত নিৰাপত্তা ৰক্ষীৰ কনভয়ৰ ব্যৱস্থা কৰা হৈছে।

তদুপৰি, মণিপুৰৰ বিভিন্ন জিলাৰ পাহাৰ আৰু উপত্যকা উভয়তে মুঠ ১৪৩টা তালাচী চকী স্থাপন কৰি বাহন সমুহ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে। নিয়ম ভংগ কৰা মুঠ ২৪৮ জন ব্যক্তিক আটক কৰা বুলিও সদৰি কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক : Brutal Murder at Baghbar : বৰপেটাত ভূলুণ্ঠিত মানৱতা