Local, Vocal, Global

Huge amount of Smuggled wood seized : ৰঙাপৰাৰ আমাৰিবাৰীত জব্দ অবৈধ কাঠ ভৰ্তি এখন ট্ৰাক

জামুগুৰিহাট,২৫আগষ্ট : ৰঙাপৰাৰ আমাৰিবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত বন কৰ্মীৰ অভিযান । দেওবাৰে পুৱাই বন কৰ্মীয়ে চলাই এই অভিযান। অভিযানত অবৈধ কাঠ ভৰ্তি এখন ট্ৰাক জব্দ(Huge amount of Smuggled wood seized)৷

দেওবাৰে নিশা বন্যহস্তী খেদি কাৰ্যালয়লৈ উভতি অহাৰ সময়ত ৰঙাপৰাৰ নাহৰনি চাহ বাগিচাৰ সমীপৰ ৰেলৱে গেটত জব্দ কৰে অবৈধ কাঠ ভৰ্তি ট্ৰাকখন ৷AS-01-NC -9796 নম্বৰৰ ট্ৰাকখনেৰে অৰুণাচলৰ পৰা চোৰাং কাঠ লৈ ঢেকিয়াজুলি অভিমুখে গৈ থকা সময়ত আমাৰিবাৰী বন কাৰ্য্যালয়ৰ বন কৰ্মীয়ে ট্ৰাকখন জব্দ কৰে ৷ বন কৰ্মীক দেখি ট্ৰাকখনৰ চালক জন পলায়ন কৰে ৷

জব্দ কৰা মূল্যবান কাঠখিনিৰ মূল্য প্ৰায় ৩ লাখৰো অধিক টকা হ’ব বুলি বন বিভাগৰ সূত্ৰে জানিব পৰা গৈছে(Huge amount of Smuggled wood seized)৷

লগতে পঢ়ক : Centre announces Unified Pension Scheme : কৰ্মচাৰীসকলৰ বাবে আশাৰ খবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে;নতুন পেঞ্চন আঁচনিৰ সুবিধাসমূহ কি কি?