Local, Vocal, Global

HSLC exam result 2024 : দৰিদ্ৰতাক নেওঁচি গৌৰৱ কঢ়িয়াই আনিলে দুলীয়াজানৰ পিতৃহাৰা দুই কন্যাই

দুলীয়াজান,২১ এপ্ৰিল : মাতৃৰ কষ্টৰ মূল্য দি জিলিকিল পিতৃহাৰা যমজ কন্যা ।

দৰিদ্ৰতাক নেওঁচি গৌৰৱ কঢ়িয়াই আনিলে দুলীয়াজান কুমুদ নগৰৰ পিতৃহাৰা দুই কন্যা উডীছনা আৰু উৰ্মি ফুকনে। সদ্য়ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দুলীয়াজান অইল ইণ্ডিয়া উচ্চ মাধ্যমিক বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিলে দুই জমজ কন্যাই(HSLC exam result 2024)।

উডীছনা আৰু ঊৰ্মিৰ ৪ বছৰ বসয়তে ঢুকাইছিল তেওঁলোকৰ পিতৃ। পিতৃ ঢোকোৱাৰ পাছত আশা কৰ্মী হিছাপে কৰ্মৰত মাতৃয়ে হাঁহ কুকুৰা বিক্রী কৰি পঢ়ুৱাইছিল দুই জমজ কণ্যাক। পঢ়াৰ মাজতে উৰ্মিয়ে চলায় গৈছিল বিভিন্ন ক্ৰিয়াৰ অনুশীলন। ছাত্ৰী দুগৰাকী সাফল্যত কুমুদ নগৰ বাসী গাঁৱৰ ৰাইজৰ মাজত আনন্দ বন্যা দেখিবলৈ পোৱাৰ বিপৰীতে পিতৃক সুঁৱৰি দুই কণ্যাৰ চকুত দেখাগল চকুলো। দুই কণ্যাৰ সাফল্যত গৌৰাম্বিত মাতৃ।

লগতে পঢ়ক :Woman ‘murdered’ On Suspicion Of Witchcraft : ডাইনী সন্দেহত মাজবাটত লোমহৰ্ষক হত্যাকাণ্ড