Local, Vocal, Global

HSLC exam result 2024 : ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ যোৰহাটৰ অনুৰাগ দলৈৰ;অনুৰাগৰ সফলতাত উৎফুল্লিত যোৰহাটবাসী

নিউজ ডেস্ক, ২০ এপ্ৰিল : ৰাজ্যত চলি আছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰস্তুতি । প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ পাছতে আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । শিক্ষা বিভাগে হঠাতে ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যত দেখা গৈছে ব্যাপক উছাহ(HSLC exam result 2024)।

শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫ টা স্থানৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাট জিলাৰ প্ৰজ্ঞা একাডেমীৰ ছাত্র অনুৰাগ দলৈয়ে ৷ সৰ্বমুঠ ৫৯৩ নম্বৰ লাভ কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে অনুৰাগ দলৈয়ে ৷

যোৰহাট কেন্দ্ৰগুৰি নিৱাসী সুৰেশ দলৈ আৰু অৰ্পনা শইকীয়াৰ কনিষ্ঠ পুত্ৰ অনুৰাগ দলৈ । অনুৰাগ দলৈৰ সাফল্যত গৌৰৱান্ধিত হৈ পৰিছে সমগ্ৰ যোৰহাটবাসী । প্ৰথমবাৰতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত আনন্দৰ বন্যা বয় ।

সংবাদ মাধ্যমৰ আগত অনুৰাগ দলৈ উল্লেখ কৰা অনুসৰি, দৈনিক ১০ ৰ পৰা ১২ ঘন্টাকৈ অধ্যয়ণ কৰা অনুৰাগে ভৱিষ্যতে ছফটৱেৰ ইঞ্জিনীয়াৰ হোৱাৰ সপোন আছে । অনুৰাগ দলৈৰ এই সফলতাৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে অনুৰাগে । অধ্যয়ণৰ সমান্তৰালভাবে অনুৰাগে জিৰণি সময়ত তবলা আৰু কাৰাটে খেলি সময় কটায় ।

লগতে পঢ়ক : Guwahati youth missing : গুৱাহাটী মহানগৰীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী