Local, Vocal, Global

HSLC Exam 2025 : হাইস্কুল শিক্ষান্ত পৰীক্ষাত নকলৰ পয়োভৰ

বিলাসীপাৰা,১৭ফেব্ৰুৱাৰী : আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিন ।

দ্বিতীয় দিনৰ অসমীয়া বিষয়ৰ পৰীক্ষাত বিলাসীপাৰাত ওলাইছে জাপে জাপে নকল। পৰীক্ষাৰ্থীক সকলক বিদ্যালয়ৰ মূলদ্বাৰত তালাচী (checking) কৰিবলৈ লওঁতে পৰীক্ষাৰ্থীৰ পৰা ওলাইছে জাপে জাপে নকল ।

এয়া বিলাসীপাৰাৰ বৰকান্দা পিপলচ একাডেমী উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰ । কেন্দ্ৰটোত এইবাৰ অৱতীৰ্ণ হৈছে ৯৭০ গৰাকী পৰীক্ষাৰ্থী । কেন্দ্ৰটোত পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থীৰ জোতা, মোজা, জেকেটৰ পৰা ওলাছে দমে দমে নকল(HSLC Exam 2025)।

ইফালে শিলবাৰী পাবলিক হাই স্কুল পৰীক্ষা কেন্দ্ৰতো ওলাইছে জাপে জাপে নকল | ৬৬০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা শিলবাৰী কেন্দ্ৰত তলাচী চলাওতে ওলাইছে নকল দম ।

এনে পৰীক্ষা কেন্দ্ৰ সমূহৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হব লক্ষনীয় ।

লগতে পঢ়ক:Moirabari News:মৈৰাবাৰীত আৰক্ষী প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ