Local, Vocal, Global

HS Results 2025 : আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

নিউজ ডেস্ক,৩০এপ্ৰিল : আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। মুঠ ১২টাকৈ ৱেবছাইটত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩,০২,৪২০ গৰাকী ছাত্ৰ-ছাত্ৰী(HS Results 2025)।

ম’বাইল এপ আৰু ১২টাকৈ ৱেবছাইটত উপলব্ধ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পৰীক্ষাৰ্থীয়ে Roll-Number আৰু Registration No দাখিল কৰি চাব পাৰিব পৰীক্ষাৰ ফলাফল। লগতে ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বীট।

লগতে পঢ়ক : HS Results 2025 : ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল