Local, Vocal, Global

HS Results 2024 : মানসিকভাৱে ভাগি পৰিছে জামুগুৰিহাটৰ এগৰাকী মেধাৱী ছাত্ৰী

জামুগুৰিহাট,১৩মে’ : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই যেন সৰগ ভাগি পৰিল এগৰাকী মেধাৱী ছাত্ৰী৷ কাৰণ বিজ্ঞান শাখাত অধ্যয়ন কৰি পৰীক্ষাত অৱতীৰ্ণ হোৱা মেধাৱী ছাত্ৰী গৰাকীৰ মাৰ্কশ্বিটত অহা নম্বৰ দেখি সকলো হৈ পৰে হতভম্ব ৷

জামুগুৰিহাটৰ কাঠৰবাৰী গাঁৱৰ এইগৰাকী দৰিদ্ৰ পৰিয়ালৰ দিগন্ত শইকীয়াৰ জীয়ৰি নেত্ৰালী শইকীয়া ৷ বিশ্বনাথৰ বিহালী জিনজিয়াৰ ৰটোৱাস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত অধ্যয়ন কৰি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ মেধাৱী ছাত্ৰীগৰাকী ফলাফল ঘোষণা কৰাৰ দিনটোৰপৰাই যেন মানসিকভাবে ভাগি পৰিছে ৷ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পাছতেই আনন্দোল্লাস কৰাৰ বিপৰীতে ছাত্ৰীগৰাকীৰ জীৱণলৈ যেন নামি আহিল ঘোৰ অমানিশাহে(HS Results 2024) ৷

কাৰণ ছাত্ৰীগৰাকীৰ নাম তথা ৰোল নম্বৰ ফলাফলৰ তালিকাত অনুৰ্ত্তীৰ্ণ অহাৰ উপৰিও প্ৰতিটো বিষয়ত অহা নম্বৰ তালিকা দেখিও হতভম্ব হোৱাৰ লগতে অংক বিষয়টোত আকৌ কোনো নম্বৰেই নাহিল ৷ যাৰবাবে এতিয়া হতাশাত দিন পাৰ কৰিছে মেধাৱী এইগৰাকী ছাত্ৰী নেত্ৰালী শইকীয়াই ৷ ছাত্ৰীগৰাকীৰ মাৰ্কশ্বিটত অহা নম্বৰ সমুহ ক্ৰমে অসমীয়া-৪৭,ইংৰাজী-৩৫,ৰসায়ন বিজ্ঞান-১০,পদাৰ্থ বিজ্ঞান-১১,জীৱ বিজ্ঞান-৮ আৰু গণিতত কোনো নম্বৰেই নাহিল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত সফলতাৰে উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে অতি কষ্টৰে অধিক সফলতাৰ বাবে অধ্যয়ন কৰি গণিত বিষয়কে মূল বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰীৰ বাবে নিজকে প্ৰস্তুত কৰি তোলা মেধাৱী ছাত্ৰী গৰাকীয়ে এই ফলাফল লাভৰ পাছতেই এতিয়া মানসিকভাৱে দূৰ্ৱল হৈ পৰিছে৷উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ লগতে শিক্ষামন্ত্ৰীৰ ওচৰতো দৰিদ্ৰ পৰিয়ালটিয়ে মেধাৱী ছাত্ৰীগৰাকীৰ বহি:পুণৰিক্ষণ কৰি ছাত্ৰীগৰাকীক ন্যায় দিবৰ বাবে কাতৰ অনুৰোধ জনাইছে৷

মন কৰিবলগীয়া যে এনে কিছুমান ভূলৰ পৰিণতিতেই বহু মেধাৱী ছাত্ৰ ছাত্ৰীয়ে জীৱণত ভূল সিদ্ধান্ত লোৱা ঘটনাৰ উদাহৰণো বিগত সময়ত দেখা পোৱা গৈছিল৷মেধাৱী ছাত্ৰী নেত্ৰালী শইকীয়াই ফলাফলৰ দিশটোত ন্যায় পোৱাৰ আশা কৰিছে অঞ্চলটোৰ ৰাইজেও ৷

লগতে পঢ়ক : Cow thieves in Dibrugarh : এইবাৰ বিলাসী বাহনত মানুহ নহয়, কঢ়িয়াই আনিলে গৰু