WATCH | HS Result : উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উজলিল নদুৱাৰৰ বালিজুৰি চিনিয়ৰ চেকেণ্ডেৰী স্কুল
জামুগুৰিহাট,৩মে’ : সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফত উজলিল নদুৱাৰ অঞ্চলৰ বালিজুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুল ৷ বিদ্যালয় খনিৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৯৭% শতাংশ ছাত্ৰছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ৷
ইয়াৰ মাজৰে ১০ গৰাকীয়ে প্ৰথম বিভাগ লাভ কৰাৰ লগতে ৪০ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৮ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনিৰ লগতে অতি পিছ পৰা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে(HS Result)।
এই উপলক্ষে বিদ্যালয় খনিত আজি কৃতি ছাত্ৰ-ছাত্ৰী সকলৰ এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে বিদ্যাল কতৃপক্ষই ৷ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি লক্ষীকান্ত বৰা, উপসভাপতি ভক্ত ৰাজ গুৰুং , বিদ্যালয়ৰ অধ্যক্ষ চুনিল মুছাহাৰী, সমাজকৰ্মী *হেম বাহাদুৰ নেৱাৰে৷
অঞ্চলটোৰ বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তিও শিক্ষক কৰ্মচাৰী সকলৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ উপষ্ঠিতিত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিদ্যালয়ৰ খনিৰ পৰা উচ্ছতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতি অৰ্জন কৰা কৃতি ছাত্ৰছাত্ৰী সকলক অভিনন্দন জনাই উজ্জ্বল ভৱিষ্যত কামনাৰে আৰ্শীবাদ প্ৰদান কৰা হয়।
লগতে পঢ়ক : WATCH | Gaurav Gogoi : ‘মই মুখ্যমন্ত্ৰীৰ লগত অসমৰ ৰাইজৰ হৈ যুঁজি আছোঁ আৰু অসমৰ ৰাইজৰ হৈ যুঁজি যাম’