Local, Vocal, Global

WATCH | HS Result : ৯১% শতাংশ নম্বৰ লাভৰে ৰঙাপৰালৈ গৌৰৱ কঢ়িয়াই আনিছে চিন্ময় নাথে

জামুগুৰিহাট,১মে’ : সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰঙাপৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে ৰঙাপৰা মহাবিদ্যালয়ৰ ছাত্ৰ তথা ৰঙাপৰা নামনি গাঁৱৰ চিন্ময় নাথে।

ৰঙাপৰা মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল চিন্ময় নাথ । পৰীক্ষাৰ ঘোষিত ফলাফলত চিন্ময় নাথে পাঁচটা বিষয়তে লেটাৰ লৈ ৯১% শতাংশ নম্বৰৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে পিতৃমাতৃসহ পৰিয়ালবৰ্গ উৎফুল্লিত হোৱাৰ লগতে গাওঁবাসীয়েও তীব্ৰ সন্তুষ্টি প্ৰকাশ কৰি ফুলাম গামোছাৰে আদৰনী জনাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি কৃতি ছাত্ৰ গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে শৈক্ষিক মহলে৷ শংকৰ দেৱ শিশু নিকেতনৰ কাৰ্যালয় প্ৰমূখ উপেন্দ্ৰ কুমাৰ নাথ আৰু অঞ্জনা নাথৰ একমাত্ৰ পুত্ৰ সন্তান চিন্ময় নাথে সমগ্ৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে(HS Result)।

ভবিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱা মন চিন্ময় নাথৰ ৷ ছাত্ৰজনে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত ৰঙাপৰাৰ বিভিন্ন দল-সংগঠনৰ লগতে ৰঙাপৰা প্ৰেছ ক্লাৱেও শুভেচ্ছা জনাইছে।

উল্লেখ্য যে মেধা সম্পন্ন ছাত্ৰ চিন্ময় নাথে ২০২৩ বৰ্ষত অনুষ্ঠিত হোৱা হাইস্কুলত শিক্ষান্ত পৰীক্ষাত ৰঙাপৰা শংকৰদেৱ শিশু নিকেতনৰ পৰা ৬ টা বিষয়তে লেটাৰ লৈ ৯৬.৬% শতাংশৰে উত্তীৰ্ণ হৈছিল।

লগতে পঢ়ক : WATCH | Hajo News : নিশা হাজোৰ পোৱামক্কা দৰ্গা শ্বৰীফৰ দান পাত্ৰৰ টলা ভাঙিলে চোৰে