WATCH | HS Result : বৰপেটা বহৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে স্নেহা দেৱানে
বৰপেটা,১মে’ : বৰপেটা বহৰিলৈ আকৌ গৌৰৱ কঢ়িয়াই আনিলে স্নেহা দেৱানে। স্নেহা দেৱানে উচ্চতৰ মাধ্যমিক (H.S) পৰীক্ষাত ৯০% নম্বৰ লাভ কৰি অঞ্চলখনৰ গৌৰৱ বৃদ্ধি কৰিছে। স্নেহা দেৱানে চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰী আছিল।
এই ধৰণৰ সফলতা অন্য ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উৎসাহজনক। স্নেহাক উজ্জ্বল ভৱিষ্যতৰ শুভকামনা। তেওঁৰ এই অনন্য সফলতাই মাত্ৰ পৰিয়াল আৰু শিক্ষকৰ নহয়, বৰং সমগ্ৰ সমাজৰ গৰ্বৰ কাৰণ হৈ পৰিছে(HS Result)।
স্নেহাৰ এই সফলতাৰ পিছত তেওঁৰ কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু অধ্যৱসায়েই মূল ভূমিকা গ্ৰহণ কৰিছে বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰে। স্নেহাই ভবিষ্যতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি ভাল এক স্থিতি লাভ কৰিব বুলি সকলোৱে আশা কৰিছে।
লগতে পঢ়ক : WATCH : Sipajhar News : পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ব’হাগী উৎসৱ উদযাপন